অসম

assam

ETV Bharat / state

Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা - সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী

সাংসদ বদৰুদ্দিন আজমলে শুকুৰবাৰে শিলচৰত হিন্দু পুৰুষ সন্দৰ্ভত আগবঢ়াইছিল অত্যন্ত প্ৰতিক্ৰিয়াশীল মন্তব্য । আজমলৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন(Badaruddin Ajmal controversial comments on Hindu) ।

Jayanta malla Baruah reactions on MP Badaruddin Ajmal
Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা

By

Published : Dec 3, 2022, 4:31 PM IST

গুৱাহাটী, ৩ ডিচেম্বৰ: ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Jayanta malla Baruah reactions on MP Badaruddin Ajmal) । উল্লেখ্য যে সাংসদ বদৰুদ্দিন আজমলে শুকুৰবাৰে শিলচৰত হিন্দু পুৰুষ সন্দৰ্ভত আগবঢ়াইছিল অত্যন্ত প্ৰতিক্ৰিয়াশীল মন্তব্য । সাংসদ আজমলে হিন্দু বিবাহ সম্পৰ্কত আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্ৰীক সাঙুৰি কেতবোৰ অত্যন্ত অশালীন মন্তব্য আগবঢ়াইছিল ।

Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা

যি বক্তব্য সংবাদ মাধ্যম যোগে বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন । আজমলৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে আজমল প্ৰকৃততে এজন ৰাজনৈতিক সন্ত্ৰাসবাদী । এয়া আজমলৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

আজমল এজন সাংসদ যদিও মুখাৰ ভিতৰত থাকি দীৰ্ঘদিন ধৰি এনেধৰণৰ বক্তব্যৰে আজমলে ৰাজনৈতিক সন্ত্রাসবাদ চলাই আহিছে বুলিও কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । শুকুৰবাৰে সাংসদগৰাকীয়ে প্ৰদান কৰা বক্তব্যত নিজৰে মুখাখন সুলকি পৰিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এজন সাংসদে অসম সম্পৰ্কে, ভাৰতীয় সভ্যতা-সংস্কৃতি সম্পৰ্কে আৰু নাৰী জাতি সম্পৰ্কে ইমান নিকৃষ্ট চিন্তা কৰিব পাৰে সেয়া ৰাজ্যবাসীৰ বাবে লাজৰ বিষয় (Badaruddin Ajmal controversial comments on Hindu) ।

এজন সাংসদে ইমান নিকৃষ্ট মানদণ্ডৰ কথা ক'ব পাৰে বুলি ভাবিবই নোৱাৰি বুলিও আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আজমলে ৰাজনৈতিক সন্ত্রাস চলাই থাকিব বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে অসমত বাংলাদেশী মূলৰ মিঞাৰ মাজত আজমল নায়কৰ পৰা মহানায়ক যাতে হ’ব নোৱাৰে তাৰ প্ৰতি কঢ়া নজৰ ৰাখিবলৈ কয় ।

আজমলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজ সচেতন হ'ব লাগিব যাতে এনেধৰণৰ শক্তি অসমত গা কৰি উঠিব নোৱাৰে । আজমলৰ দৰে লোকে ভাৰতীয় সভ্যতা-সংস্কৃতিৰ ওপৰত আঘাত কৰিছে । তদুপৰি এনে এজন ব্যক্তি অসমৰ সাংসদ হোৱাটো দুৰ্ভাগ্যজনক বিষয় ।

লগতে পঢ়ক:Badaruddin Ajmal Comments : আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details