অসম

assam

ETV Bharat / state

"প্ৰদ্যুৎ বৰদলৈ নিমাতী কইনা, দন্দুৰী মহিলা": জয়ন্ত মল্ল বৰুৱা

2001 চনৰ পৰাই কয়লা চিণ্ডিকেটৰ সৈতে প্ৰদ্যুৎ বৰদলৈ জড়িত বুলি সংবাদমেল যোগে গুৰুত্বৰ অভিযোগ উত্থাপন জয়ন্ত মল্ল বৰুৱাৰ ৷

"প্ৰদ্যুৎ বৰদলৈ নিমাতী কইনা,দন্দুৰী মহিলা": জয়ন্ত মল্ল বৰুৱা

By

Published : Jul 3, 2019, 4:34 AM IST

গুৱাহাটী,3 জুলাইঃ হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল ৷ মঙলবাৰে অনুষ্ঠিত এই সংবাদমেলত কয়লা চিণ্ডিকেট সন্দৰ্ভত বিস্ফোৰক মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ ৷ ২০০১ চনৰ পৰাই প্ৰদ্যুত বৰদলৈ কয়লা চিণ্ডিকেটৰ লগত জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷

"প্ৰদ্যুৎ বৰদলৈ নিমাতী কইনা,দন্দুৰী মহিলা": জয়ন্ত মল্ল বৰুৱা

সংবাদমেলত প্ৰদ্যুৎ বৰদলৈক নিমাতী কইনা, দন্দুৰী মহিলা আখ্যা জয়ন্ত মল্ল বৰুৱাৰ ৷ কয়লা চিণ্ডিকেট সন্দৰ্ভত সংসদৰ মজিয়াত আবেদন জনোৱা বিশেষ কমিটিক ২০০১ চনৰ পৰা তদন্ত চলাব লাগে বুলি দাবী জনাই জয়ন্ত মল্ল বৰুৱাই ৷ আনহাতে,প্ৰদ্যুৎ বৰদলৈয়ে সংসদৰ মজিয়াত উত্থাপন কৰা ৮০ জন লোক কয়লা খনিত মৃত্যু হোৱা তথ্য বিভ্ৰান্তিকৰ যদি বৰদলৈৰ হাতত তথ্য আছে নাম সহ ন্যায়ালয়, প্ৰশাসনৰ ওচৰত দাখিল কৰক বুলি প্ৰত্যহ্বান জনাই বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details