অসম

assam

ETV Bharat / state

দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ? - jayanta das interview

দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নেকি জয়ন্ত দাস ? মঙলবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব জয়ন্ত দাসে । সোমবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ষুব্ধ নেতাগৰাকীয়ে ।

jayanta das interview
দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ?

By

Published : Mar 15, 2021, 4:49 PM IST

গুৱাহাটী,15 মাৰ্চ: দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিছপুৰকে ধৰি ১৭ টা সমষ্টিৰ অন্তিমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে দিছপুৰ সমষ্টিত । কিয়নো দলে সন্মানীয় এই সমষ্টিটোৰ পৰা পুনৰ প্ৰাৰ্থিত্ব দিলে বৰ্তমানৰ বিধায়ক অতুল বৰাক । কিন্তু দলৰ ৰাজ্যিক উপ-সভাপতি তথা সুদীৰ্ঘ তিনিটা দশকজুৰি দলৰ সেৱা আগবঢ়াই অহা জয়ন্ত দাস আছিল এই সমষ্টিটোৰ অন্যতম শক্তিশালী দাবীদাৰ । সেয়ে স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে এইগৰাকী শীৰ্ষ নেতা ।

এতিয়া সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল- দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নেকি জয়ন্ত দাস ? মঙলবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব জয়ন্ত দাসে । সোমবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ষুব্ধ নেতাগৰাকীয়ে । বিধায়ক অতুল বৰাৰ সৈতে দলৰ টিকটটোহে আছে, সমষ্টিৰ ৰাইজ নাই বুলি মন্তব্য কৰি জয়ন্ত দাসে তেওঁক এগৰাকী ব্যৰ্থ বিধায়ক বুলিও আখ্যা দিয়ে ।

দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ?

আনহাতে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ পিছত বৰ্তমানলৈকে দলৰ কোনো শীৰ্ষ নেতায়ো তেওঁৰ সৈতে যোগাযোগ নকৰা বা সৌজন্যতাৰ খাতিৰত হ'লেও ফোন এটা নকৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰে বিজেপি নেতাজনে । ইয়াৰ লগতে আন কেইবাটাও বিষয়ে ক্ষোভ ব্যক্ত কৰিলে বিজেপিৰ ৰাজ্যিক উপ সভাপতিগৰাকীয়ে ৷ চাওক এই বিশেষ সাক্ষাৎকাৰ-

লগতে পঢ়ক :অসমৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ...

ABOUT THE AUTHOR

...view details