নিউজ ডেস্ক, 20 এপ্ৰিল: গুৱাহাটীৰ আমিনগাঁৱত জণ্ডিচে লৈছে ভয়াৱহৰূপ ৷ ইতিমধ্যেই জণ্ডিচত আক্ৰান্ত হৈ আমিনগাঁৱত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ বৃহস্পতিবাৰে GMCHত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যু হয় এগৰাকী জণ্ডিচ আক্ৰান্তৰ ৷ মৃত লোজনৰ নাম আনন্দ দাস বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, জণ্ডিচৰ লগতে একাধিক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল লোকজন ৷ ইফালে, অঞ্চলটোৰ বহুলোক জণ্ডিচত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা গৈছে (Amingaon Jaundice outbreak) ৷
ইফালে, জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ পৰিয়ালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আক্ৰান্তসকলৰ পৰিয়ালৰ লোকৰো অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অপৰিষ্কাৰ পানী সেৱনৰ ফলতেই অঞ্চলটোত 30 জনতকৈ অধিক লোক জণ্ডিচত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই প্ৰশাসনে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিৰীক্ষণ কৰিছে পানীৰ গুণাগুণ (Jaundice outbreak at Amingaon) ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 7 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ জনাস্বাস্থ্য কাৰীকৰি বিভাগৰ বিষয়াসকলৰ সৈতে লগ হৈ পানীৰ গুণাগুণ চোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ বাবে নতুন আঁচনি গ্ৰহণ কৰি যাৱতীয় সকলো কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ( People suffering from Jaundice in Amingaon) ৷