গুৱাহাটী, ১১ ডিচেম্বৰ:"অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কিয় অসমৰ মুখ্যমন্ত্ৰী পাতিছিল ? কিয় আমি বিজেপিক ভোট দিছিলো ? এইটো কাৰণে দিছিলো যাতে আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ৷ তেওঁলোকৰ এজেণ্ডাই আছিল যে আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ৷
অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজনক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব ৷ ইয়াৰ প্ৰথম কাৰণ হৈছে তেওঁ বন্ধন বেংকৰ ঋণ লোৱা আইমাতৃসকলক চৰম প্ৰতাৰণা কৰিলে ৷ অসমৰ যুৱ প্ৰজন্মক প্ৰতাৰণা কৰিলে ৷ তৃতীয়টো কাৰণ হৈছে আজমল (AIUDF Chief Badaruddin Ajmal) মুখ্যমন্ত্ৰী হ’ব বুলি ভাবি আমি হিমন্ত বিশ্ব শৰ্মাক ভোট দিছিলো ৷" গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্য চৰকাৰক আজি এক সংবাদমেলত থকাসৰকা কৰে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে (Jatiya Yuva Bahini slams BJP)
দেওবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলখনত নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা শাসনাধীস্থ বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে সংগঠনটোৰ নেতৃবৃন্দই (Jatiya Yuva Bahini press meet)৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা জাতীয় যুৱ বাহিনীৰ (Jatiya Yuva Bahini slams CM) ৷