অসম

assam

By

Published : Sep 15, 2021, 10:14 AM IST

ETV Bharat / state

কেইবাটাও দাবীৰে ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ জাতীয় গৰ্জন

অসম চুক্তিৰ(Assam Accord) আত্মা 5 আৰু 6 নং দফা কাৰ্যকৰী কৰাৰ দাবী আৰু CAA বলৱৎ কৰাৰ বিৰোধিতাৰে মঙলবাৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’(Jatiya Garjan) কাৰ্যসূচী ৰূপায়ণ অসম জাতীয় পৰিষদৰ(Assam Jatiya Parishad) ৷ উক্ত কাৰ্যসূচীত ভাগ লৈ 2031 চনত অসমত অসমীয়া মানুহেই সংখ্যালঘুত পৰিণত হ’ব বুলি মন্তব্য কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই(Jagadish Bhuyan) ৷

ajps-jatiya-garjan-in-assam
অসম জাতীয় পৰিষদৰ ‘জাতীয় গৰ্জন’

গুৱাহাটী, 15 ছেপ্তেম্বৰ : ‘5 নং দফা হৈছে অসম চুক্তিৰ(Assam Accord) আত্মা ৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ণ কৰিম বুলি কোৱাতো এক প্ৰতাৰণা ৷ এনে প্ৰতাৰণা মানি লোৱা নহয়’- এই বক্তব্যৰে ৰাজপথলৈ ওলাই আহিছে অসম জাতীয় পৰিষদ দল(AJP) ৷ নৱগঠিত ৰাজনৈতিক দলটোৱে মঙলবাৰে অসম চুক্তিৰ 5 আৰু 6 নং দফা কাৰ্যকৰী কৰা আৰু অসমত CAA বলৱৎ নকৰাৰ দাবীৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’(Jatiya Garjan) কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অসম জাতীয় পৰিষদৰ ‘জাতীয় গৰ্জন’

গুৱাহাটী মহানগৰীৰ চানমাৰীৰ লগতে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত সমবেত হৈ ‘অসম চুক্তিৰ 5 আৰু 6 নং দফা কাৰ্যকৰী কৰক’, ‘অসম চুক্তিৰ আত্মাক হত্যা নকৰিব’, ‘অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া লোকক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰক’, ‘অসমত CAA প্ৰৱৰ্তন নকৰিব’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে দলীয় নেতা-কৰ্মীসকলে ৷

উল্লেখ্য যে, CAA বিৰোধী আন্দোলনৰ সময়ত ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে(Himanta Biswa Sarma) ধৰি বিজেপি নেতাসকলে অসম চুক্তিক অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰিছিল ৷ কিন্তু চৰকাৰ গঠনৰ পাচত অসম চুক্তি ৰূপায়ণৰ নামত এলানি সভা-সমিতি পাতি চুক্তিখনৰ 5 আৰু 6 নং দফাক বাদ দি বাকী দফাসমূহত উল্লেখিত কিছুমান গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ অথচ উক্ত দুয়োটা দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বিষয়টো চৰকাৰে স্পষ্টভাৱে উপেক্ষা কৰিছে ৷

অসম জাতীয় পৰিষদৰ ‘জাতীয় গৰ্জন’

কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই(Jagadish Bhuyan) কয়, ‘‘NDA চৰকাৰে সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত কৰি ইতিমধ্যেই অসম চুক্তিৰ আত্মাক হত্যা কৰিলে ৷ 6 নং দফা কাৰ্যকৰীকৰণৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা হ’ব বুলি আশ্বাস দি কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা কমিটি গঠন কৰি দিছিল ৷

উক্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত ডেৰ বছৰতকৈ অধিক সময় ধৰি দিছপুৰত অৱহেলিত হৈ থাকিল ৷ গতিকে অসমীয়া মানুহক বিজেপি নেতৃত্বাধীন চৰকাৰে কৰা এই প্ৰতাৰণাৰ বিৰুদ্ধে জনমত গঠন কৰাতো সময়ৰ আহ্বান ৷ জাতীয় গৰ্জন কাৰ্যসূচীৰ জৰিয়তে জাতিসত্বাক সুৰক্ষিত কৰাৰ সংগ্ৰাম পুনৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ প্ৰয়াস চলোৱা হৈছে’’ ৷

2019 বৰ্ষৰ CAA বিৰোধী আন্দোলন ক’ভিড(Covid) পৰিস্থিতিৰ বাবে স্তিমিত হৈ পৰাৰ পাচত বিগত প্ৰায় দুটা বছৰ ৰাজ্যত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে জনমত গঠনৰ সংগ্ৰামখন স্তিমিত হৈ পৰিছিল ৷ তাৰ মাজতে হোৱা বিধানসভা নিৰ্বাচনত CAA প্ৰৱৰ্তনকাৰী দল বিজেপিয়ে জনমত লাভ কৰাত কুখ্যাত আইনখন অসমবাসীয়ে মানি লৈছে বুলি শাসক পক্ষই এটা ধাৰণা দিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে ৷

এনে প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ নেতৃত্বত ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত CAA ৰ বিৰুদ্ধে ক’ভিড প্ৰট’কল মানি ব্যাপক সংখ্যক লোক ওলাই অহাতো তাৎপৰ্যপূৰ্ণ ৷ সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয় যে, ছবছৰীয়া ঐতিহাসিক অসম চুক্তিৰ সফল সামৰণিস্বৰূপে গৃহীত অসম চুক্তিৰ 5 নং দফাত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তি তাৰিখ নিৰ্ধাৰণ কৰি দিয়া আছে ৷

CAA সংসদত গৃহীত হোৱাৰ লগে লগে 5 নং দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিস্কৰণৰ বিষয়টো অপ্ৰাসংগিক হৈ পৰিল ৷ 5 নং দফাটোয়েই যিহেতু অসম চুক্তিৰ মূল বিষয়, গতিকে এই দফাটোক উপেক্ষা কৰা মানে অসম চুক্তিখনৰ আত্মাক হত্যা কৰা ৷ CAA ৰ জৰিয়তে অসম চুক্তিৰ 5 নং দফাক অপ্ৰাসংগিক কৰি বিজেপি দল আৰু চৰকাৰে অসমীয়া জনসাধাৰণক অসমতে সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷

লগতে দুয়োৱে কয় যে, বিদেশীৰ ভোটৰ মোহত অন্ধ বিজেপি চৰকাৰে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বিচৰা ষড়যন্ত্ৰ অসম জাতীয় পৰিষদে কেতিয়াও সফল হ’বলৈ নিদিয়ে ৷ জাতিৰ সংকটৰ সময়ত ওলাই আহি জাতীয় গৰ্জন কাৰ্যসূচীত ভাগ লোৱা সকলো দলীয় বিষয়ববীয়া আৰু কৰ্মী, সমৰ্থকক ধন্যবাদ জ্ঞাপন কৰে দলটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে দলীয় বিবৃতিটোত কয় যে, 1951 চনৰ পাচত প্ৰতিটো লোকপিয়লত অসমত অসমীয়া ভাষী লোকৰ হাৰ প্ৰতি 20 বছৰত 10 শতাংশলৈ হ্ৰাস পাই 2011 চনত 47 শতাংশ হৈছে ৷ 2031 চনৰ লোকপিয়লত এই হাৰ 37 শতাংশলৈ নামি আহিব বুলি ধাৰণা কৰা হৈছে ৷

অৰ্থাৎ অনাগত 10 বছৰৰ পাচত অসমত অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব ৷ তেতিয়া অসমীয়া জাতিক সুৰক্ষিত কৰাৰ বিষয়টো অবান্তৰ হৈ পৰিব ৷ তেনে পৰিস্থিতিৰ পৰা অসমীয়া মানুহক ৰক্ষা কৰিবলৈ হ’লে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো এতিয়াই নিষ্পত্তি কৰিব লাগিব ৷

‘‘ধৰ্মৰ ভয় দেখুৱাই শাসন চলাই থকা বিজেপি দলে অসমীয়া মানুহৰ ভাষা হেৰুওৱাৰ উপক্ৰম হোৱা সন্দৰ্ভত নিমাত৷ ধৰ্মৰ ভিত্তিত সমাজখনক ভাগ কৰা বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ অসমীয়া বিদ্বেষী কাৰ্যকলাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে ৷ 2031 চনত অসমত অসমীয়া মানুহ যে সংখ্যালঘুত পৰিণত হ’ব, সেই কথা উপলব্ধি কৰি অসম জাতীয় পৰিষদে জাতীয় অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ এই সংগ্ৰাম তীব্ৰ ৰূপত আগবঢ়াই নিবলৈ সংকল্পবদ্ধ’’- গগৈ আৰু ভূঞাই এইদৰে উল্লেখ কৰে ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ জাতীয় গৰ্জন

ABOUT THE AUTHOR

...view details