গুৱাহাটী,22 নৱেম্বৰ:দেশৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলত জাপানৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা অনুসৰি যোৱা কালি দিনৰ প্ৰায় তিনি বজাত হোষ্টেলটোৰ E-143 নম্বৰ কোঠাৰ বাথৰূমত চিপ লোৱা অৱস্থাত সহপাঠীয়ে উদ্ধাৰ কৰে ক'তা অন'ডা নামৰ শিক্ষাৰ্থীজনৰ মৃতদেহ ।
উক্ত ঘটনাৰ পিছতেই সমগ্ৰ আই আই টি গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । শিক্ষাৰ্থীজন সূদুৰ জাপানৰ জিফু বিশ্ববিদ্যালয়ৰ পৰা আই আই টি গুৱাহাটীত তিনিমহীয়া ইন্টাৰ্ণশ্বিপ অধ্যয়নৰ বাবে আহিছিল । স্মৰ্তব্য আত্মহত্যা কৰা ক'তা অন'ডা আছিল আই আই গুৱাহাটীৰ বায়' ছায়েন্স আৰু বায়' ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থী । শনিবাৰে আই আই টি গুৱাহাটী বায়'চাইন্স আৰু বায়'ইঞ্জিনিয়াৰিং বিভাগত সম্পন্ন হৈছিল বিদায় সম্বৰ্দ্ধনা আৰু প্ৰীতি ভোজৰ । ৩০ নৱেম্বৰত জাপানলৈ উভতি যোৱাৰ যাৱতীয়া সুবিধা তথা উৰা জাহাজৰ টিকটও বুক কৰিছিল শিক্ষাৰ্থী গৰাকীয়ে ৷ উল্লেখ্য যে, আই আই টি গুৱাহাটীৰ ২৫ বছৰীয়া ইতিহাসত শিক্ষাৰ্থীৰ এনেধৰণৰ আত্মহত্যাৰ ঘটনা বহু সংঘটিত হৈছে ।