অসম

assam

By

Published : Jul 15, 2022, 7:53 PM IST

ETV Bharat / state

Japanese Encephalitis infection : ৰাজ্যত জাপানীজ এনকেফেলাইটিছত সংহাৰী ৰূপ

অসম স্বাস্থ্য মিছনৰ (Assam Health Mission) তথ্য মতে, বিগত 24 ঘণ্টাত জাপানীজ এনকেফেলাইটিছত 23 জন লোক নতুনকৈ আক্ৰান্ত হৈছে (23 people newly affected by Japanese encephalitis) । বিগত 24 ঘণ্টাত জাপানীজ এনকেফেলাইটিছত নতুনকৈ 3 জন লোকৰ মৃত্যু হৈছে । ইয়াৰে এজনকৈ দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ । জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 19 জন ৰোগীৰ মৃত্যু হৈছে (19 people died in Japanese encephalitis) ।

a
a

গুৱাহাটী, ১৫ জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে (Japanese encephalitis infection increased in Assam) । চৰকাৰী তথ্য মতে, ৰাজ্যত এতিয়া ক'ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা আৰু মৃতকৰ সংখ্যা ।

অসম স্বাস্থ্য মিছনৰ তথ্য মতে (According to Assam Health Mission), বিগত 24 ঘণ্টাত জাপানীজ এনকেফেলাইটিছত 23 জন লোক নতুনকৈ আক্ৰান্ত হৈছে (23 people newly affected by Japanese encephalitis) । বিগত 24 ঘণ্টাত জাপানীজ এনকেফেলাইটিছত নতুনকৈ 3 জন লোকৰ মৃত্যু হৈছে । ইয়াৰে এজনকৈ দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ । জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 19 জন ৰোগীৰ মৃত্যু হৈছে (19 people died in Japanese encephalitis) । জাপানীজ এনকেফেলাইটিছে ৰাজ্যৰ নগাঁও, যোৰহাট, কামৰূপ, লখিমপুৰ, বৰপেটা, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে ।

আনহাতে, ৰাজ্যত ক'ভিড ৰোগৰ সংক্রমণো দ্রুতগতিত বাঢ়িব লাগিছে । দৈনিক ক'ভিড পজিটিভিটিৰ হাৰ উদ্বেগজনকভাৱে 11 শতাংশতকৈ অধিক (Daily covid positiveity rate exceeds 11 in Assam) হাৰত বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্রকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিল মাহৰ পৰা 12 জুলাই পর্যন্ত অসমত 144 জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে । আনহাতে, এতিয়ালৈকে ৰাজ্যত বহু সংখ্যক ডেংগু ৰোগী ধৰা পৰিছে যদিও চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই । এই ক্ষেত্ৰত পজিটিভিটিৰ হাৰ ১১.৫৮ শতাংশৰ অধিক ।

মন কৰিবলগীয়া যে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক (Japanese Encephalitis Vaccine) জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাত বিশেষ কাৰ্যকৰী । এই প্ৰতিষেধক দিলে জাপানীজ এনকেফেলাইটিছ ৯০ শতাংশ হোৱাৰ সম্ভৱনা কম থাকে । কিন্তু অসম চৰকাৰে এই প্ৰতিষেধক দিয়াত গুৰুত্ব কম দিছে । এই সন্দৰ্ভত গুৱাহাটীৰ আজাৰা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱাই কয় যে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক জাপানিজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাত বিশেষ কাৰ্যকৰী ।

জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক এজন লোকৰ শৰীৰত দিয়াৰ পিছত তিনি মাহৰ পৰা ছয় মাহৰ ভিতৰত লোকজনৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে । চৰকাৰী হাস্পতালত শিশুৰ জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা আছে । ৯ মাহৰ পৰা শিশুক জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়া হয় । কিন্তু প্ৰাপ্তবয়স্কৰ বাবে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক চৰকাৰী হাস্পতালত দিয়াৰ ব্যৱস্থা নাই । চৰকাৰে কেতিয়াবা শিবিৰ পাতিলে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক প্ৰাপ্তবয়স্কসকলক দিয়া হয় । কিন্তু এই শিবিৰ কাচিৎহে হয় ।

এই সন্দৰ্ভত শুকুৰবাৰে আজাৰা চিকিৎসালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰে প্ৰাপ্তবয়স্কৰ বাবে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা অহা ছেপ্টেম্বৰৰ পৰা কৰা হ'ব । জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়া শিবিৰ বছৰত কম পৰিমাণে হোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা তেওঁ কিন্তু বিৰত থাকে ।

লগতে পঢ়ক :COVID Vaccination Amrit Mahotsava: শিৱসাগৰত Covid19 ভেকছিন অমৃত মহোৎসৱৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

...view details