অসম

assam

ETV Bharat / state

কাইলৈৰ পৰা নচলিব আৰু 'জনশতাব্দী এক্সপ্ৰেছ

যাত্ৰীৰ সংখ্যা তাকৰ হোৱাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই এই সিন্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ পৰা যোৰহাটৰ মাজত চলাচল কৰিছিল জনশতাব্দী এক্সপ্ৰেছ।

By

Published : Sep 11, 2020, 9:02 PM IST

Updated : Sep 11, 2020, 9:21 PM IST

কাইলৈৰ পৰা নচলিব আৰু 'জনশতাব্দী এক্সপ্ৰেছ
কাইলৈৰ পৰা নচলিব আৰু 'জনশতাব্দী এক্সপ্ৰেছ

গুৱাহাটী, 11 চেপ্তেম্বৰঃ কাইলৈৰ পৰা পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ হ'ব স্থানীয় যাত্ৰীবাহী ৰে'ল জনশতাব্দী এক্সপ্ৰেছ। যাত্ৰীৰ অভাৱৰ বাবে ৰে'ল কৰ্তৃপক্ষই বন্ধ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে একমাত্ৰ স্থানীয় যাত্ৰীবাহী ৰে'লখন। গুৱাহাটীত লক ডাউনৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে ৰে'লখন বন্ধ ৰখা হৈছিল যদিও শেহতীয়াকৈ আৰম্ভ কৰা হৈছিল জনশতাব্দীৰ চলাচল। কিন্তু যাত্ৰীৰ সংখ্যা তাকৰ হোৱাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই এই সিন্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ পৰা যোৰহাটৰ মাজত চলাচল কৰিছিল জনশতাব্দী এক্সপ্ৰেছ।

কাইলৈৰ পৰা নচলিব আৰু 'জনশতাব্দী এক্সপ্ৰেছ

ইফালে কাইলৈ পৰা দেশত চলিব ৮০খনকৈ বিশেষ ৰে'ল। ইয়াৰে ৪খনকৈ ৰে'ল উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চলিব। বৰ্তমান ৰে'লৰ টিকট বুকিং প্ৰক্ৰিয়া চলি আছে। এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

লগতে চাওকঃ গহপুৰ আৰক্ষীৰ জালত দুধৰ্ষ গঁড় চিকাৰী

Last Updated : Sep 11, 2020, 9:21 PM IST

ABOUT THE AUTHOR

...view details