গুৱাহাটী,26 চেপ্টেম্বৰ: গুৱাহাটীৰ গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত বৃহস্পতিবাৰে অসম ৰাজ্যিক জমিয়ত উলামাই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলখনৰ জৰিয়তে সদ্যপ্ৰকাশিত এন আৰ চিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে উলামাৰ নেতৃত্বই ।
গাড়ীগাঁৱত এন আৰ চিৰ সন্দৰ্ভত জমিয়ত উলামাৰ সংবাদমেল - গুৱাহাটীৰ গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত
গুৱাহাটীৰ গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত অসম ৰাজ্যিক জমিয়ত উলামাৰ সংবাদমেল ৷ সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰো বিষয়ববীয়া উপস্থিত ৷

এন আৰ চিৰ বুজ ল'বলৈ গুৱাহাটী উপস্থিত হোৱা সৰ্বভাৰতীয় জমিয়ত উলেমা হিন্দৰ তিনিজনীয়া প্ৰতিনিধিৰ এই দল এটাই ৰাজ্যৰ বিভিন্ন স্থানতগৈ সাধাৰণ ৰাইজৰ মতামতৰ লৈছে বুলি ৰাজ্যিক জমিয়তে জানিবলৈ দিয়ে ৷
সংবাদমেলত উপস্থিত থাকে সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ কৰ্যকৰী সদস্য তথা পশ্চিম বংগৰ ৰাজ্যিক মন্ত্ৰী মৌলানা চিদিকুল্লা চৌধুৰী, ছুপ্ৰিম কোৰ্টৰ অধিবক্তা চাকিল আহমেদ, সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সম্পাদক মৌলানা হাকিমুদ্দিন কাচিমী, অসম ৰাজ্যিক জমিয়তৰ সম্পাদক উলামা মৌলানা আব্দুল কাদিৰ কাচিমী, প্ৰাক্তন বিধায়ক ৰফিকুল ইছলাম । এন আৰ চিৰ পৰা বাদ পৰা বৈধ নাগৰিকক জমিয়তে সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে । এই সন্দৰ্ভত গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত এক বিশেষ বৈঠকো অনুষ্ঠিত হৈছে । য'ত এন আৰ চিৰ সন্দৰ্ভত বিশেষকৈ আলোচনা কৰা হৈছে ।