গুৱাহাটী, ১৫ ডিচেম্বৰ: আজমল ফাউণ্ডেচনলৈ বিদেশী সংস্থাৰ ধন অহা আৰু মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক জমিয়তে । সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বিদেশী সংস্থাৰ পৰা ধন লাভ কৰাৰ অভিযোগক প্ৰত্যাখ্যান কৰে অসম ৰাজ্যিক জমিয়তৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমীয়ে । এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায় অসম ৰাজ্যিক জমিয়ত উলেমাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।
লগতে আজমল ফাউণ্ডেচন আৰু মাৰ্কাজুল মা আৰিফ নামৰ স্বেচ্ছাসেৱী সংস্থা দুটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ তোলে জমিয়ত নেতৃত্বই । সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ভাৱমূৰ্তিত কলংক সানিবলৈ এনে ষড়যন্ত্ৰ চলিছে বুলি মন্তব্য কৰে অসম জমিয়তৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমীয়ে । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা ৰাজহুৱা কৰাৰ দিনাই ৰাজনৈতিক লাভালাভৰ বাবে স্বেচ্ছাসেৱী সংস্থা দুটাৰ বিৰুদ্ধে একাংশ নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।