অসম

assam

ETV Bharat / state

আগতে খিলঞ্জীয়া কোন সেয়া নিশ্চিত কৰকঃ জমিয়ত উলামা - দিছপুৰ প্ৰেছ ক্লাব

''...কিন্তু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সমিতিয়ে সংবিধানৰ বাহিৰেও খিলঞ্জীয়া ৰক্ষাকৱচ দিবলৈ ওলোৱা কাৰ্যক আমি কোনো মতে মানি নলও''

আগতে খিলঞ্জীয়া কোন সেয়া নিশ্চিত কৰক, পিছত খিলঞ্জীয়াৰ আসন সংৰক্ষণ বিষয়টো আনকঃ জমিয়ত উলামা

By

Published : Sep 20, 2019, 11:19 AM IST

গুৱাহাটী, 20 ছেপ্তেম্বৰঃ দিছপুৰ প্ৰেছ ক্লাৱত অসম ৰাজ্যিক জমিয়ত উলামাৰ সদস্য আমিনুল ইছলামৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন কৰি ইছলামে ‘প্ৰথমে খিলঞ্জীয়া কোন সেয়া নিশ্চিত কৰক, তাৰ পিছত খিলঞ্জীয়াৰ আসন সংৰক্ষণৰ বিষয়টো আনক’ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জমিয়ত উলামা সংগঠনটোৱে ‘চৰকাৰী চাকৰি আৰু বিধানসভা-লোকসভাত খিলঞ্জীয়াৰ আসন সংৰক্ষণৰ বিষয়টোত তীব্ৰ বিৰোধিতা কৰে’ বুলিও কয় ।

আনহাতে আমিনুল ইছলামে কয় ‘সংবিধান প্ৰণয়ন হোৱাৰ পৰাই বিশেষভাৱে পিছপৰা জনজাতি আৰু জনগোষ্ঠীয় লোকসকলৰ বাবে বিশেষ সা-সুবিধা দি অহা হৈছে, কিন্তু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সমিতিয়ে সংবিধানৰ বাহিৰেও খিলঞ্জীয়া ৰক্ষাকৱচ দিবলৈ ওলোৱা কাৰ্যক আমি কোনো মতে মানি নলও’ বুলিও সদৰী কৰে। দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত বৃহস্পতিবাৰৰ সংবাদমেলতে সংগঠনটোৱে চাহ জনগোষ্ঠীয় লোকসকৰ শ শ বছৰ ধৰি বসবাস কৰি অহাৰ পাছতো ভূমি অধিকাৰ নিদিয়াক লৈ ক্ষুভ প্ৰকাশ কৰে সংগঠনটোৱে । ইয়াৰ উপৰিও পাহাৰীয়া অঞ্চলৰ লোক সকলৰ ভূমি অন্য ৰাজ্যৰ বনিয়াই অবাধ লুন্ঠন কৰি অহা বুলি সংগঠনটোৱে অভিযোগ কৰে।

উল্লেখ্য যে, এই সংক্ৰান্তত পুন: বিবেচনাৰ কৰিবৰ বাবে অসম ৰাজ্যিক জমিয়ত উলামাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সমিতিলৈ আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি কয় আমিনুল ইছলামে ৷

আগতে খিলঞ্জীয়া কোন সেয়া নিশ্চিত কৰক, পিছত খিলঞ্জীয়াৰ আসন সংৰক্ষণ বিষয়টো আনকঃ জমিয়ত উলামা

ABOUT THE AUTHOR

...view details