গুৱাহাটী 18 এপ্ৰিল : ইটিভি বাতৰিৰ প্ৰভাৱ লক ডাউন ভংগকৰি খাদ্য সামগ্ৰী বিতৰণ কৰা লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে জালুকবাৰী আৰক্ষীয়ে। ঘটনা অনুসৰি শুকুৰবাৰে পান্ডুত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ পদক্ষেপ হাতত লৈছিল সুব্ৰত দেনামৰ এজন ব্যক্তিয়ে। এই কাৰ্যসূচী নেতৃত্ব প্ৰদান কৰিছিল কাউঞ্চিলাৰ শ্যামল চক্ৰৱৰ্তীয়ে। এইসকল জন প্ৰতিনিধিয়ে খাদ্য সামগ্ৰী বিতৰণৰ নামত আইন-কানুন ভৰিৰে মোহাৰি পেলোৱা পৰিলক্ষিত হয়। প্ৰশাসনৰ কোনো অনুমতি নোহোৱাকৈয়ে সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লৈছিল ক্ষমতাৰ ৰাগিত বলিয়ান এইসকল লোকে।
আৰক্ষীৰ অনুমতি অবিহনে খাদ্য সামগ্ৰী বিতৰণ কৰা এজনৰ বিৰুদ্ধে গোচৰ ৰুজু - নামানে চৰকাৰী নীতি নিৰ্দেশনা
প্ৰশাসনৰ কোনো অনুমতি নোহোৱাকৈয়ে সামগ্ৰী বিতৰণৰ কাৰ্যসূচী হাতত লৈছিল ক্ষমতাৰ ৰাগিত বলিয়ান এইসকল লোকে। যত সামগ্ৰী সংগ্ৰহৰ বাবে ওলাই আহে শ-শ লোক ৷ নামানে চৰকাৰী নীতি নিৰ্দেশনা

যত সামগ্ৰী সংগ্ৰহৰ বাবে ওলাই আহে শ-শ লোক। এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। এই সন্দৰ্ভত বাতৰি প্ৰকাশৰ পিছতেই তৎপৰ হৈ উঠে আৰক্ষী-প্ৰশাসন। সম্প্ৰতি ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 188/269/270 ধাৰাৰ অধীনত 538/2020 নম্বৰত এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে কৰ'ণা মহামাৰীৰ বাবে সমগ্ৰ দেশতে চলি আছে লক ডাউন। এনে জটিল সময়তে অতি জৰুৰী অৱস্থাৰ বাদে সকলোকে ঘৰৰ বাহিৰ ওলাবলৈ নিষেধ কৰিছে চৰকাৰ-প্ৰশাসনে। কিন্তু এনে সময়ত একাংশ লোকৰ অসচেতনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই যে এদিন ভংয়কৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব সেয়া নিশ্চিত ৷
লগতে পঢকঃ সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই