অসম

assam

ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত দুই গাড়ী চোৰ - মালিগাঁও কামাখ্যা ষ্টেচন

জালুকবাৰী আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ গাড়ী চোৰ ৷ ধৃত চোৰ দুটাৰ নাম ৰিতুৰাজ শৰ্মা আৰু বিভাস তালুকদাৰ ।

জালুকবাৰী আৰক্ষীৰ জালত দুই গাড়ী চোৰ

By

Published : Oct 13, 2019, 4:27 AM IST

গুৱাহাটী, 12 অক্টোবৰঃ জালুকবাৰী আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ গাড়ী চোৰ ৷ মহানগৰীৰ মালিগাঁও কামাখ্যা ষ্টেচনৰ সমীপত স্কুটি চুৰি কৰিব লওঁতেই স্থানীয় ৰাইজৰ সহযোগত হাতে-লোটো আটক কৰে আৰক্ষীয়ে ৷ ধৃত চোৰ দুটাৰ নাম ৰিতুৰাজ শৰ্মা আৰু বিভাস তালুকদাৰ । জালুকবাৰী আৰক্ষী থানাৰ কনিষ্টবল দিলীপ ৰায়ৰ তৎপৰতাত চোৰ দুজনৰ লগতে দুখনকৈ নম্বৰ প্লেটবিহীন স্কুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি জালুকবাৰী আৰক্ষীৰ জিম্মাত ধৃত দুই চোৰ ৷ উল্লেখ্য যে দুৰ্গা পূজাৰ সময়চোৱাত মালিগাঁও অঞ্চলৰ পৰা চুৰি হৈছিল কেইবাখনো দুচকীয়া বাহন ৷

জালুকবাৰী আৰক্ষীৰ জালত দুই গাড়ী চোৰ

ABOUT THE AUTHOR

...view details