গুৱাহাটী,11নৱেম্বৰঃ জালুকবাৰী আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ জালত পৰিল পাঁচটাকৈ দুৰ্ধৰ্ষ চোৰ ৷ ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰ কেইটাক। কিছুদিন পূৰ্বে জীতেন নাৰ্জাৰী, দেবু হাজৰিকা, জীতেন পল আৰু জেহেৰুল হক নামৰ চাৰি দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছতে চাৰি চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা আৰক্ষীয়ে পাণ্ডু সদিলাপুৰৰ পৰা আদবিন বসুমতাৰী নামৰ আনটো কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
জালুকবাৰী আৰক্ষীৰ জালত পাঁচটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰ - জালুকবাৰী আৰক্ষী
জালুকবাৰী আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ জালত পৰিল পাঁচটাকৈ দুৰ্ধৰ্ষ চোৰ ৷জালুকবাৰী আৰক্ষীয়ে আটাইকেইটা চোৰকলৈ মহানগৰীৰ বিভিন্ন স্থানত অব্য়াহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ সন্দেহ চোৰৰ এটা বৃহৎ গেঙে গুৱাহাটীত ঘাটি পাতি বিভিন্ন চুৰিকাণ্ড সংঘটিত কৰি আহিছে ৷
জালুকবাৰী আৰক্ষীৰ জালত পাঁচটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰ
উল্লেখ্য যে, মহানগৰী গুৱাহাটীত সংঘটিত বহুটো চুৰিকাণ্ডৰ ঘটনাত জড়িত আটাইকেইটা চোৰ ৷ ইপিনে,জালুকবাৰী আৰক্ষীয়ে আটাইকেইটা চোৰকলৈ মহানগৰীৰ বিভিন্ন স্থানত অব্য়াহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ সন্দেহ চোৰৰ এটা বৃহৎ গেঙে গুৱাহাটীত ঘাটি পাতি বিভিন্ন চুৰিকাণ্ড সংঘটিত কৰি আহিছে ৷
লগতে পঢ়কঃ বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত ডকাইতি