অসম

assam

ETV Bharat / state

কিয় হোৱা নাই জালুকবাৰী পঞ্চায়তৰ কেলেংকাৰীৰ তদন্ত ?

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা সন্মানীয় জালুকবাৰী সমষ্টিৰ 80 নং লাচিতগড় গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰে পঞ্চায়তখনলৈ অহা প্ৰায় 36 লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন আনিছিল একেখন পঞ্চায়তৰে  আন গৰাকী সদস্যাই, কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে

By

Published : Jul 27, 2019, 4:33 PM IST

কিয় হোৱা নাই জালুকবাৰী সমষ্টিৰ লাচিতগড় গাওঁ পঞ্চায়তৰ বৃহৎ কেলেংকাৰীৰ তদন্ত ?

কামৰূপ, 27 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুনীৰ্তিমুক্ত অসম গঢ়াৰ শ্ল'গান অসাৰ প্ৰতিপন্ন হৈছে জালুকবাৰী সমষ্টিত । কিয়নো ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা সন্মানীয় জালুকবাৰী সমষ্টিৰ 80 নং লাচিতগড় গাওঁ পঞ্চায়ত সাঙুৰ খাই পৰিছে দুৰ্নীতি আৰু কেলেংকাৰীত ৷ ইতিমধ্যেই পঞ্চায়তখনৰ সভাপতি প্ৰদীপ দাসৰ আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰে পঞ্চায়তখনলৈ অহা প্ৰায় 36 লাখ টকা হৰলুকি কৰাৰ অভিযোগ আনিছিল একেখন পঞ্চায়তৰে আন গৰাকী সদস্যাই ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উত্থাপন কৰা এই দু্ৰ্নীতিৰ তথ্য পৰৰ্বতী সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ তাৰ পাছতেই সভাপতি প্ৰদীপ দাসে সাংবাদিকৰ সৈতে মুখামুখি হোৱাৰ পৰিৰ্বতে সংবাদ মাধ্যমৰ বাতৰিক মিছা বুলি কৈ বাতৰি কাকতত বিজ্ঞাপন আকাৰে ষ্পষ্টীকৰণ দিছিল ৷ কিন্তু উল্লেখযোগ্য যে, নিজ সমষ্টিৰ অন্তৰ্গত এখন পঞ্চায়তত হৈ থকা ব্যাপক দুৰ্নীতিৰ কথা জানিও এতিয়ালৈকে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এনে প্ৰেক্ষাপটত প্ৰশ্ন উঠিছে সততে দুনীৰ্তি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শ্ল'গান দিয়া বৰ্তমানৰ চৰকাৰে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

কিয় হোৱা নাই জালুকবাৰী সমষ্টিৰ লাচিতগড় গাওঁ পঞ্চায়তৰ বৃহৎ কেলেংকাৰীৰ তদন্ত ?

ABOUT THE AUTHOR

...view details