গুৱাহাটী,৫ জুনঃ ঈদৰ দিনাই জালুকবাৰীত অঘটন । কোনো নথকা অৱস্থাত জালুকবাৰীৰ পথৰ দাঁতিত থকা ফলমূলৰ দোকানত অগ্নিসংযোগ । আৰক্ষীৰ লোকে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ দৰিদ্ৰ ব্যৱসায়ীসকলৰ ।এই ঘটনাক কেন্দ্ৰ কৰি বিক্ৰেতাসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
জালুকবাৰীৰ ফলমূলৰ দোকানত অগ্নিসংযোগৰ আঁৰত কোন ?
ঈদৰ দিনাই জালুকবাৰীৰ পথৰ দাঁতিত থকা ফলমূলৰ দোকানত অগ্নিসংযোগ । আৰক্ষীৰ বিৰুদ্ধে অগ্নিসংযোগ কৰাৰ অভিযোগ ব্য়ৱসায়ীৰ।
কোনে জুই লগালে জালুকবাৰীৰ ফলমূলৰ দোকানত !
পূৰ্বে কোনো নিৰ্দেশনা নিদিয়াকৈয়ে হঠাতে নিশাৰ ভিতৰত দোকানসমূহত জুই লগাই দিয়াৰ অভিযোগ বিক্ৰেতাসকলৰ ।প্ৰায় লক্ষাধিক টকাৰ ফলমূল নষ্ট হোৱাৰ লগতে দোকানৰ সামগ্ৰীও লৈ যোৱা বুলি অভিযোগ উত্থাপন । লগতে আৰক্ষীয়ে ঈদৰ দিনটোতে এনে কাৰ্য সংঘটিত কৰাকলৈ ক্ষোভ ব্যক্ত কৰিছে বিক্ৰেতাসকলে ।