অসম

assam

ETV Bharat / state

Jairam Ramesh slams Badruddin Ajmal: বিজেপিৰ মুখৰ কথাত চলে আজমল: জয়ৰাম ৰমেশ - Congress alliance with AIUDF

কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে শেহতীয়াকৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ ৷ আজমলৰ দল AIUDFৰ সৈতে কোনো ধৰণৰ মিত্ৰতাৰ কথা নস্যাৎ কৰি আজমলে বিজেপিৰে লগ হৈ কাম কৰাৰ অভিযোগ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ ৷

Jairam Ramesh slams Badrudding Ajmal
বিজেপিৰ মুখৰ কথাত চলে আজমল; জয়ৰাম ৰমেশ

By

Published : Jan 11, 2023, 4:16 PM IST

Updated : Jan 11, 2023, 4:48 PM IST

গুৱাহাটী, 11 জানুৱাৰী: ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলক তুলাধুনা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ(AICC general secretary Jairam Ramesh) ৷ জৰা-ফুকাৰ ৰাজনীতিত সিদ্ধহস্ত সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কৰা কিছু মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে, এটা ফু-মাৰিলেই কংগ্ৰেছৰে মিত্ৰতা সম্ভৱ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে(Badruddin Ajmal on Congress) ৷

এই প্ৰসংগতে আজমলৰ উদ্ভট মন্তব্যৰ প্ৰত্যুত্তৰ জয়ৰাম ৰমেশৰ(Jairam Ramesh slams Badruddin Ajmal) ৷ জয়ৰাম ৰমেশৰ মন্তব্য,‘‘ সাংসদ বদৰুদ্দিনে আজমলে অসম কংগ্ৰেছৰ নেতৃত্ব সন্দৰ্ভত এক অগ্ৰহণযোগ্য মন্তব্য প্ৰদান কৰিছে ৷ এই কথা সঁচা যে, কংগ্ৰেছে বিগত বিধানসভা নিৰ্বাচনত AIUDFৰ সৈতে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল(Congress AIUDF alliance) ৷ বদৰুদ্দিন আজমলে ভৱিষ্যতেও কংগ্ৰেছৰ সৈতে লগ লাগি শক্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰিহে মিত্ৰতা কৰা হৈছিল ৷ কিন্তু নিৰ্বাচৰ ফলাফল অহাৰ পিছতেই সকলো কথা স্পষ্ট হৈ পৰিল ৷’’

লগতে, জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য,‘‘ আজমলে বিজেপিৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে(CM Himanta Biswa Sarma) বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ল(AIUDF has understanding with BJP) ৷ লগতে আজমল আৰু বিজেপিয়ে ৰাইজৰ আগত কংগ্ৰেছ আৰু কংগ্ৰেছ নেতৃত্বৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷’’ কেৱল ইমানেই নহয়, বদৰুদ্দিন আজমল বিজেপিৰ মুখৰ কথা মতেহে চলে বুলিও অভিযোগ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ ৷

লগতে AIUDFক AIMIMৰ সৈতে তুলনা কৰি তেওঁ এই বুলিও কয়, ‘‘সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰ(Bharat Jodo Yatra) অভূতপূৰ্ব সহাৰি দেখি কম্পিত হৈছে এআইইউডিএফ আৰু বিজেপি ৷ UPAৰ সৈতে আজমলৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷’’

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Bora) বাৰে বাৰে AIUDFৰে মিত্ৰতাক নস্যাৎ কৰি অহাৰ লগতে কোনো নিৰ্বাচনতে আজমলৰ সৈতে মিত্ৰতা নহ’ব বুলি স্পষ্ট কৰি দিছে ৷ কিন্তু কেৱল নিৰ্বাচন আহিলেহে আবিৰ্ভাৱ হোৱা আজমলৰ মতে প্ৰদেশ কংগ্ৰছে মিত্ৰতা নকৰিলেও এটা ফু মাৰিয়েই তেওঁ কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে মিত্ৰতা সম্ভৱ কৰি তুলিব(Congress alliance with AIUDF) ৷

সাংসদ বদৰুদ্দদিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কটাক্ষ কৰি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পিছতে আজমলক উভতি ধৰিছে AICCৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ৷

লগতে পঢ়ক:Lok Sabha Election 2024 : জৰা-ফুকা কৰি কংগ্ৰেছেৰে মিত্ৰতা গঢ়িব আজমলে

Last Updated : Jan 11, 2023, 4:48 PM IST

ABOUT THE AUTHOR

...view details