গুৱাহাটী, ৪ জানুৱাৰী: সুদীৰ্ঘ ৯ মাহৰ মূৰত ৰাজ্যৰ কাৰাগাৰসমূহত শিথিল কৰা হ'ল ক'ভিড প্ৰট'কল । অসমত COVID-১৯ৰ ভয়াৱহতা ক্ৰমান্বয়ে প্ৰশমিত হোৱাত সোমবাৰৰ পৰা ৰাজ্যৰ সৰ্বমুঠ ৩১ খন কাৰাগাৰত আবদ্ধ হৈ থকা কাৰাবন্দীসকলক তেওঁলোকৰ আত্মীয় বা বন্ধু বান্ধৱৰে সাক্ষাৎ কৰাৰ অনুমতি দিয়া হয় । উল্লেখ্য যে,কৰ'ণা মাহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা কাৰাবন্দীসকলক বাহিৰৰ লোকে সাক্ষাৎ কৰাৰ ব্যৱস্থা বন্ধ কৰিছিল কাৰাগাৰ কৰ্তৃপক্ষই ।
অৱশেষত ৰাজ্যৰ কাৰাগাৰত শিথিল হ'ল ক'ভিড প্ৰট'কল - COVID-১৯ৰ সংক্ৰমণ হ্ৰাস
ৰাজ্যৰ কাৰাগাৰত শিথিল কৰা হ'ল ক'ভিড প্ৰট'কল । অসমত COVID-১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে ক'ভিড প্ৰট'কল শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
বিগত ৯ মাহ ধৰি কোনো আত্মীয় বা বন্ধু বান্ধৱে সাক্ষাৎ কৰিব পৰা নাছিল কাৰাবন্দীক । কিন্তু সোমবাৰৰ পৰা কাৰাগাৰ কৰ্তৃপক্ষই সেই ব্যৱস্থা কিছু পৰিমাণে শিথিল কৰে । অৱশ্যে কাৰাবন্দীক সাক্ষাৎ কৰিবলৈ যোৱা লোকসকলে মাস্ক পৰিধান কৰাৰ লগতে অন্যান্য স্বাস্থ্যবিধিসমূহ মানি চলিব লাগিব। সেই অনুসৰি, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই সোমবাৰে পুৱা ৯ বজাৰ পৰা ১০ বজালৈ আৰু দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ কাৰাবন্দীক সাক্ষাতৰ অনুমতি প্ৰদান কৰে বিভিন্নজনক ।
লগতে পঢ়ক:ডিব্ৰুগড়ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা সমাপ্ত