মৃত্যুমুখী জাগীৰোডৰ ব্যৱসায় - business
মধ্য অসমৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ হিচাপে চিহ্নিত মৰিগাঁৱৰ জাগীৰোড চহৰৰ ব্যৱসায় এতিয়া মৃত্যুৰ দুৱাৰডলিত । জাগীৰোডৰ বজাৰত নাই মানুহৰ ভিৰ, দোকানলৈ গ্ৰাহক নাহে বুলি জানিও গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ীসকল ।
গুৱাহাটী,5এপ্ৰিল: মহানগৰীৰ পৰা ৬০ কিলোমিটাৰ নিলগত মৰিগাঁৱৰ জাগীৰোড চহৰৰখনৰ আছে এক সুকীয়া পৰিচয় । এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ বাবে বিখ্যাত জাগীৰোড । যাৰবাবে জাগীৰোড চহৰখনৰ ব্যৱসায়ীসকলৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণ ৰূপে নিৰ্ভৰশীল শুকান মাছৰ বজাৰ আৰু কাগজ কলৰ ওপৰত । শুকান মাছৰ বজাৰখনে জাগীৰোডৰ অৰ্থনীতি কিছু পৰিমানে স্থিৰ কৰি ৰাখিছে যদিও কাগজ কল বন্ধ হোৱাৰে পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ লগতে জাগীৰোডৰ ব্যৱসায়ী সকলৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছে । যোৱা ২৯ মাহে দৰমহাৰ পৰা বঞ্চিত নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে জাগীৰোড বজাৰৰ ব্যৱসায়ীসকলেও অপেক্ষা কৰিছে কাগজ কল পুনৰ কাৰ্যক্ষম হৈ উঠালৈ ।