গুৱাহাটী, ২২ ডিচেম্বৰঃ মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিত ভীষণ অতিষ্ট জগদীশ ভূঞা । ইতিমধ্যে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰাৰ লগতে অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষৰ পদো ত্যাগ কৰিছে । আনহাতে মুখ্যমন্ত্ৰীয়ে অলপতে এখন সংবাদমেলত কৰা মন্তব্যৰ পিছত এইবাৰ ভূঞাই উভতি ধৰিছে মুখ্যমন্ত্ৰীক । ভূঞাৰ প্ৰশ্ন - মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু মই একেলগে একে সময়ত একেখন পাঠশালাতে জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণ কৰিছিলো । মই নাজানো, সেই পাঠ আপুনিয়েই ভুলকৈ বুজিলে নে মই ভুলকৈ বুজিলো ।
এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই - এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই
দুয়োজনে একেলগে একেটা সময়তে একেখন পাঠশালাতে আৰম্ভ কৰিছিল জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণৰ শিক্ষা । কিন্তু সময়ৰ পাকচক্ৰত আজি দুয়ো দুটা বিপৰীত মেৰুত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সদ্য বিজেপিত্যাগী প্ৰাক্তন আছু নেতা, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা । এটা সময়ত সোণোৱাল আৰু ভূঞাৰ সৱল নেতৃত্বতে পৰিচালিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা ।
![এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই JAGDISH BHUYAN REPLAY TO CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5455962-thumbnail-3x2-sonowal.jpg)
এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই
এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই
ভূঞাই আৰু কয় যে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এই আইনখনৰ জৰিয়তে নগন্য সংখ্যক বিদেশীয়েহে নাগৰিকত্ব পাব । এই নগন্য সংখ্যাটো তেওঁ কেনেকৈ জানিলে ? তেওঁ যেতিয়া আই এম ডি টি গোচৰৰ শপতনামা দাখিল কৰিছিল, তাত উল্লেখ কৰিছিল যে বৰ্তমানেও বাংলাদেশৰ পৰা প্ৰৱজন অব্যাহত আছে । তেন্তে কোনটো তথ্য সত্য বুলিও প্ৰশ্ন তোলে জগদীশ ভূঞাই ।