গুৱাহাটী, ১৬ নৱেম্বৰ :বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (Assam Jatiya Parishad GS Jagadish Bhuyan)। সংবাদমেলত তেওঁ কয় যে যোৱা দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে 'বসুন্ধৰা-২’ আঁচনি উদ্বোধন কৰিবলৈ আয়োজিত অনুষ্ঠানত নিজমুখে প্ৰকাশ কৰে যে মাটিৰ দালালসকলেহে আচলতে বৰ্তমান চৰকাৰৰ ভূমি আৰু ৰাজহ সম্পৰ্কীয় কাম-কাজবোৰ পৰিচালনা কৰে (Jagadish Bhuyan criticized Basundhara 2 mission) ৷
মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালক সুধি আইন প্ৰণয়ন কৰিছে । মুখ্যমন্ত্ৰীৰ এই বক্তব্যক গণতান্ত্ৰিক বিধি-ব্যৱস্থাৰ প্ৰতি চূড়ান্ত অপমান বুলি প্ৰকাশ কৰে জগদীশ ভূঞাই । তেওঁ কয়, কিছুদিন পূৰ্বে মাটিৰ দালালক উৎখাত কৰাৰ অভিযান চলোৱাৰ পিছত মাটিৰ দালালক সুধি চৰকাৰে ৰাজহ বিধি-ব্যৱস্থা প্ৰণয়ন কৰিব বুলি কৰা ৰাজহুৱা ঘোষণাই প্ৰশাসনিক ব্যৱস্থাৰ প্ৰতি অপমান কৰিছে (Jagadish Bhuyan criticized CM Himanta Biswa Sarma) ।
নিষ্ঠাৰে কাম কৰা বিষয়া-কৰ্মচাৰীৰ বাবে ই হতাশাজনক (Assam Govt Basundhara 2 Mission) । তদুপৰি, মণ্ডলৰ পৰা মুখ্য সচিবলৈকে মুখ্যমন্ত্ৰীয়ে সকলো কাম নিজেই কৰাৰ মানসিকতাটো গণতন্ত্ৰৰ বাবে ভয়াৱহ বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আনহাতে, নিজৰ দলৰ বিধায়কক মাটিৰ দালাল হিচাপে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ স্বীকৃতি দিয়া বুলিও মন্তব্য কৰে । তেওঁ লগতে কয় যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ পৰামৰ্শ আগবঢ়াবলৈ গঠিত হৰিশংকৰ ব্ৰহ্ম কমিটীয়ে অসমত খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি সম্পত্তি ক্ৰমে ওলাই যোৱাৰ ছবিখন দাঙি ধৰি ৰাজ্য চৰকাৰক এলানি পৰামৰ্শ দিছিল (Harisankar Brahma committee for land rights) ৷
কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে সেই দিশত অকণমানো অগ্ৰসৰ হোৱা নাই ৷ তাৰ সলনি ৰাজ্যৰ পৰম্পৰাগত ভূমিনীতিক আওকাণ কৰি নিজ ইচ্ছা মতে ভূমি সংস্কাৰৰ নামত অসমৰ থলুৱাৰ মাটি বহিৰাগত পুঁজিপতি গোষ্ঠীসমূহৰ হাতত গতাই দিয়াৰ বাট প্ৰশস্ত কৰিছে ৷ তদুপৰি, একচনীয়া মাটি আৰু ৰায়তৰ প্রসঙ্গত মুখ্যমন্ত্ৰীয়ে ভুল ব্যাখ্য আগবঢ়োৱা বুলিও জগদীশ ভূঞাৰ মন্তব্য । তেওঁ কয়, মুখ্যমন্ত্রীয়ে একচনীয়া আৰু ৰায়ত শব্দকেইটা থকাৰ বাবে দীর্ঘদিন ধৰি চৰকাৰে বিপুল পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱা বুলি কৈছে ।
মুখ্যমন্ত্ৰীৰ এই বক্তব্য সত্যৰ অপলাপ আৰু চমক সৃষ্টিৰ অপপ্রয়াস মাথোন । কিয়নো একচনীয়া পট্টা আৰু ৰায়ত, ৰায়তী আইন- এইবোৰ কেৱল একোটা শব্দ নহয় । চৰকাৰে প্রণয়ন কৰা আইনৰ ব্যৱস্থাৱলীৰ অন্তৰ্ভুক্ত বিধিসন্মত সংজ্ঞা । ৰাজহৰ পৰা বঞ্চিত হোৱাৰ কথাটোও গোকাট মিছা বুলি দাবী কৰে জগদীশ ভূঞাই । কিয়নো ম্যাদী পট্টা আৰু একচনীয়া পট্টা দুয়োবিধ পট্টাৰে মাটিৰ খাজনা চৰকাৰে আদায় কৰে । উভয় ক্ষেত্রতে খাজানাৰ নিৰিখ তথা মাটিৰ শ্ৰেণী অনুসাৰে একে ।