গুৱাহাটী, ১৯ এপ্ৰিল :তুংগত উঠিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি আৰু যুৱ কংগ্ৰেছৰ অসমৰ সভানেত্ৰী অংকিতা দত্তৰ সংঘাত (IYC president and AYC president controversy) ৷ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ এটা টুইটে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোড়ন তুলিছে কংগ্ৰেছৰ অভ্যন্তৰত ৷ ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাচত (Ankita Dutta allegation against Srinivas) এতিয়া ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আইনী প্ৰক্ৰিয়া গ্ৰহণৰ সকীয়নি দি মানহানিৰ জাননী জাৰি কৰিছে অংকিতা দত্তলৈ ।
শ্ৰীনিবাসে ৬ মাহ ধৰি নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি অংকিতা দত্তই কৰা টুইটৰ প্ৰত্যুত্তৰ দি অংকিতা দত্তলৈ আইনী জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আই টি কোষে (IYC IT cell legal notice to Ankita Dutta) ৷ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ হৈ কোষটোৰ জাননীখনৰ মতে, শ্ৰীনিবাসৰ বিৰুদ্ধে 'সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকাৰক, কু-অভিপ্ৰায়ৰ শব্দ' ব্যৱহাৰ কৰাৰ বাবে অংকিতা দত্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে । অংকিতা দত্তৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আইনী কোষে কৈছে যে অংকিতা দত্তৰ বিৰুদ্ধে 'শক্তিশালী আইনী ব্যৱস্থা' আৰম্ভ কৰিব (IYC legal notice to Ankita Dutta) ।
"ডঃ দত্তই IYC-ৰ সভাপতি শ্ৰীনিবাস বি ভিজীৰ বিৰুদ্ধে সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকৰ, বিদ্বেষপূৰ্ণ শব্দ ব্যৱহাৰৰ আশ্ৰয় লৈছে আৰু তেওঁৰ বিৰুদ্ধে সম্পূৰ্ণ অৰ্থহীন অভিযোগ উত্থাপন কৰিছে । IYC আইনী কোষে এই সন্দৰ্ভত শক্তিশালী/কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে ।" আইনী জাননীখনত এনেদৰে কয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আইনী কোষে । উল্লেখ্য, ১৮ এপ্ৰিলত অসম কংগ্ৰেছৰ যুৱনেত্ৰীগৰাকীয়ে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । অসমত তৰুণ গগৈৰ চৰকাৰৰ মন্ত্ৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত ।