গুৱাহাটী, ৩ জানুৱাৰী: বুধবাৰে পুৱতি নিশা দেৰগাঁৱত সংঘটিত হোৱা পথ দুর্ঘটনাটো অতি হৃদয়বিদাৰক ঘটনা হিচাপে ৰৈ যাব অসমবাসীৰ মনত । কয়লাভৰ্তি ট্ৰাক আৰু এখন আল্ট্ৰা বাহনৰ মুখামুখি সংঘর্ষৰ ফলত হোৱা দুখজনক ঘটনাটোত 12 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায়৷ এই ঘটনাত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাইজৰ দলে ।
অসমৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰাৱস্থাৰ বাবেই ৰাইজে জীয়াতু ভুগি অহাৰ পাছতো গা লৰা নাই ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ । চৰকাৰ আৰু NHAI-এ বিভিন্ন সময়ত টোলগেট সাঁজি বিভিন্ন কৰ-কাটল আদায় কৰিছে যদিও তাৰ তুলনাত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উন্নয়ন কৰিব পৰা নাই ।
এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ‘‘এই ঘটনাৰ এক উচ্চ-পর্যায়ৰ তদন্ত হ'ব লাগে"। ফ'ৰলেন ৰাস্তা নির্মাণকাৰী প্ৰতিষ্ঠানৰ মইমতালিৰ বিৰুদ্ধে ৰাইজৰ দলে দীৰ্ঘদিন সদায় তীব্ৰ প্ৰতিবাদ কৰি আহিছে । যোৰহাট-ডিরুগড় সংযোগী পথটো আজি চাৰিটা বছৰেও সম্পূর্ণ কৰিব নোৱাৰিলে চৰকাৰে । পথৰ দুৰৱস্থাও এই দুৰ্ঘটনাৰ অন্য এক মূল কাৰণ বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷