গুৱাহাটী, 1 মাৰ্চ :ৰাজ্যবাসীৰ বাবে এক সু-খবৰ । ৰাজ্যত ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোয়ে এক শক্তিশালী নেটৱৰ্ক ৰাডাৰ স্থাপনৰ জো-যা চলাইছে অসমত । ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে স্থাপন কৰা হ’ব ‘‘নেটৱৰ্ক ফৰ স্পেছ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিচ’’ চমুকৈ NETRA নামেৰে এক প্ৰকল্প (ISRO to set up country's first networking centre) ।
জানিব পৰা মতে, ইছৰ’ৰ বিজ্ঞানীয়ে ৰাজ্যৰ প্ৰায় ৭ টা স্থান পৰিদৰ্শন এই প্ৰকল্প নিৰ্মাণৰ বাবে (NETRA project by the govt of India) ৷ ইয়াৰে ভিতৰত মহানগৰীৰ চন্দ্ৰপুৰৰ মৃত তাপ বিদ্যুত প্ৰকল্পস্থলীত প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে উপযুক্ত স্থান হ’ব বুলি ইছৰোৰ বিজ্ঞানীয়ে আগবঢ়োইছে নিজৰ মতামত ৷ ইয়াৰ পিছতেই সোমবাৰে উক্ত স্থান পৰিদৰ্শন কৰে ৰাজ্য বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta Inspected proposed site for ISRO's Project )।