অসম

assam

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 10:47 PM IST

Updated : Dec 12, 2023, 10:57 PM IST

ETV Bharat / state

উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকা ইছমত চুগতাইৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ

দিতিমণি গগৈৰ অনুদিত গ্ৰন্থ ‘ওৰণি গুচাই’ আৰু কাব্যগ্ৰন্থ ‘শংখ নিনাদ’ উন্মোচন ৷ এই কাৰ্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া লেখক সমাজক আৰু পঢ়ুৱৈসকলক নতুন সোৱাদ প্ৰদান কৰিব বুলি মন্তব্য ড৹ গোবিন্দ প্ৰসাদ শৰ্মাৰ ৷

Ismat Chughtai novel Assamese translation
ইছমত চুগতাইৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ

উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকা ইছমত চুগতাইৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ

গুৱাহাটী, ১২ ডিচেম্বৰ :উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকা ইছমত চুগতাই এগৰাকী সাহসী আৰু বাস্তৱধৰ্মী লেখিকা হিচাবে পৰিচিত ৷ নাৰীবাদী লেখিকাগৰাকীৰ গল্প আৰু আন লেখাৰ সংকলন Lifting the Veil নামৰ ইংৰাজী গ্ৰন্থখন শেহতীয়াকৈ অসমীয়ালৈ অনুবাদ কৰিছে সুলেখিকা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুবাদ শাখাৰ বিশেষ বিষয়া দিতিমণি গগৈয়ে ৷

প্ৰজ্ঞা মিডিয়াহাইপ প্ৰকাশনৰ নৱতম সংযোজন ‘ওৰণি গুচাই’ শীৰ্ষক গ্ৰন্থখনি আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই ভৱনৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় । দিতিমণি গগৈৰ ‘শংখ-নিনাদ’ নামৰ কাব্য-সংকলনখনো উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয়৷ গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট লেখক-সমালোচক, গৱেষক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মা, বিশিষ্ট লেখক-সমালোচক প্ৰভাত বৰা, বিশিষ্ট লেখক-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড॰ বিভাস চৌধুৰী, বিশিষ্ট কবি আনিছ-উজ-জামান, বিশিষ্ট কবি ড॰ লুটফা হানুম ছেলিমা বেগম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড॰ ধূৰ্জ্জটি শৰ্মা আৰু বিশিষ্ট লেখক-সমালোচক জ্যোতি খাটনিয়াৰে ।

গ্ৰন্থ দুখনৰ উন্মোচনী ভাষণত ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাই কয় যে দিতিমণি গগৈয়ে উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকাগৰাকীৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰি এক বহু দৰকাৰী আৰু প্ৰশংসনীয় কাৰ্য সম্পাদন কৰিছে । এই কাৰ্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া লেখক সমাজক আৰু পঢ়ুৱৈসকলক নতুন সোৱাদ প্ৰদান কৰিব বুলিও ড॰ শৰ্মাই কয় ।

একেদৰে প্ৰখ্যাত সমালোচক প্ৰভাত বৰায়ো দিতিমণি গগৈৰ উভয় গ্ৰন্থই অসমীয়া পঢ়ুৱৈ সমাজক নতুন অনুভৱ আৰু অভিজ্ঞতাৰ স্বাদ দিব বুলি আশা প্ৰকাশ কৰে । বিশিষ্ট লেখক-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড॰ বিভাস চৌধুৰীয়ে দিতিমণি গগৈৰ এই দুই গ্ৰন্থত আশা-সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ বতৰা কঢ়িওৱা বুলি মন্তব্য কৰে ।

বিশিষ্ট কবি আনিছ-উজ-জামান আৰু বিশিষ্ট কবি ড॰ লুটফা হানুম ছেলিমা বেগমে দিতিমণি গগৈৰ কবিতাত মাটিৰ গোন্ধ, সেউজীয়া পৃথিৱীৰ স্বপ্ন আৰু মানুহৰ প্ৰতি অসম্ভৱ প্ৰেম-ভালপোৱাৰ প্ৰতিফলন ঘটা বুলি মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড॰ ধূৰ্জ্জটি শৰ্মা আৰু বিশিষ্ট লেখক-সমালোচক জ্যোতি খাটনিয়াৰে গ্ৰন্থদুখনিৰ সন্দৰ্ভত চমু ব্যাখ্যা দাঙি ধৰে । অনুষ্ঠানত কণমাণি শিল্পী সম্প্ৰীতি হাজৰিকাৰ বৰগীত পৰিৱেশন আছিল অতি মনোমোহা ।

লগতে পঢ়ক :মহিলাৰ উচ্চ শিক্ষাৰ বাটকটীয়া সন্দিকৈ মহাবিদ্যালয়

Last Updated : Dec 12, 2023, 10:57 PM IST

ABOUT THE AUTHOR

...view details