গুৱাহাটী, 27 অক্টোবৰ :শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন প্ৰসংগকলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৰাজ্যৰ সচেতন মহলৰ মাজত ৷ এটা বিশেষ সম্প্ৰদায়ক লৈ একাংশ ৰাজনৈতিক নেতাই কৰি অহা বিৰূপ মন্তব্যৰ ফলত সৃষ্টি হৈ থকা বিতৰ্কৰ সমান্তৰালকৈ শেহতীয়াকৈ অসম বিধানসভাই গঠন কৰি দিয়া শিক্ষা বিভাগ সংক্ৰান্তীয় 15 জনীয়া স্থায়ী সমিতিখনে সদনৰ মজিয়াত অসমৰ চৰ চাপৰিবাসীৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে অসম চুক্তিৰ অধীনত স্থাপন হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এটি সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন দিছিল ৷ 15 জনীয়া সমিতিখনত শাসকীয় পক্ষৰ 10 গৰাকী বিধায়ক থকাৰ লগতে বিৰোধী দল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীও আছিল অন্যতম ৷
ইফালে, এই প্ৰসংগৰ পিচতেই শংকৰি কলা সংস্কৃতিৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ মতে, শ্বেৰমান আলীয়ে ভোট বিভাজনৰ ৰাজনীতি কৰিছে ৷ প্ৰস্তাৱটোত চৰ চাপৰীৰ প্ৰসংগহে উল্লেখ আছিল ৷ আলীয়ে মিঞা প্ৰসংগটো নিজাকৈ আনিছে বুলি মন্তব্য প্ৰদান কৰিছে ৷ গতিকে, কোনো কাৰণতে কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয়ৰ পোষকতা নকৰে সাহিত্যিক ইছমাইল হুছেইনে ৷
লগতে পঢ়ক :গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ডঃ 27 বছৰীয়া এজন যুৱকৰ মৃত্যু