দীৰ্ঘ বিৰতিৰ পাছত আজি আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ - আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ
উল্লেখ্য যে, "CAA" বিৰোধী আন্দোলনৰ বাবে গুৱাহাটীৰ খেলসমূহ বাতিল কৰা হৈছিল যদিও শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা বাবে অনুষ্ঠিত কৰা হৈছে আই এছ এলৰ খেলখন।
গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ আজি গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লেষ্টাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ মেচ। দীৰ্ঘ বিৰতিৰ পাছত শুকুৰবাৰে অনুষ্ঠিত হ'ব আই এছ এলৰ এই খেলখন। উল্লেখ্য যে, "CAA" বিৰোধী আন্দোলনৰ বাবে গুৱাহাটীৰ খেলসমূহ বাতিল কৰা হৈছিল যদিও শেহতীয়াকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা বাবে অনুষ্ঠিত কৰা হৈছে আই এছ এলৰ খেলখন। আনহাতে পইন্ট তালিকাৰ নৱম স্থানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি থকাৰ বিপৰীতে অষ্টম স্থানত আছে কেৰালা । যাৰ বাবে ঘৰুৱা দলটোৱে এই খেলখনত জয়ী হৈ পইন্ট তালিকাত উন্নীত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আনহাতে ক্ৰীড়া প্ৰেমীও নৰ্থ ইষ্ট ইউনাইটেড এফ চি জয়ী হ'ব বুলি আশাবাদী ।