অসম

assam

By

Published : Nov 1, 2019, 11:38 PM IST

ETV Bharat / state

অন্তিম সময়ত জয়ৰ পৰা বঞ্চিত নৰ্থ ইষ্ট ইউনাইটেড এফ চি !

আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত মুখামুখি হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা ৷ 2-2 গ’লত ড্ৰ’ হয় হাই ভল্টেজ মেচখন ৷

অন্তিম সময়ত জয়ৰ পৰা বঞ্চিত নৰ্থ ইষ্ট ইউনাইটেড !

স্পৰ্ছট ডেস্ক, 1 অক্টোবৰ:আই এছ এলৰ ষষ্ঠ সংস্কৰণত আজি মুখামুখি হৈছিল ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা ৷ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত সন্ধিয়া 7.30 বজাত অনুষ্ঠিত হৈছিল মেচখন ৷ দুয়োটা দলে মেচখনৰ প্ৰথম অৱস্থাৰ পৰাই আক্ৰমণাত্মক খেলৰ প্ৰদৰ্শন কৰে ৷ মেচৰ 31 মিনিটতেই হুগ্ ব’ওম’ছে গ’ল কৰি গোৱক 1-0 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷

ইয়াৰ পাচত প্ৰথমাৰ্দ্ধৰ খেল অন্ত পৰালৈকে নৰ্থ ইষ্ট দলটোৱেও বহু সুযোগ লাভ কৰিছিল যদিও গ’ল কৰিবলৈ সক্ষম হোৱা নাছিল ৷ পিচত মেচখনৰ দ্বিতীয়াৰ্দ্ধত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ প্ৰথমটো গ’ল কৰে আছাম’হ গ্যানে ৷ 54 মিনিটত নৰ্থ ইষ্টৰ খেলুৱৈগৰাকীয়ে গ’ল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত নৰ্থ ইষ্ট দলটোৱে তীব্ৰ খেলৰ প্ৰদৰ্শন কৰি ৰীডিম টিলাঙে 74 মিনিটত আন এটা গ’ল কৰি নৰ্থ ইষ্টক 2-1 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷

ড্ৰ’ নৰ্থ ইষ্ট ইউনাইটেড এফ চি বনাম এফ গোৱা মেচ

ইপিনে অন্তিম সময়ত খেলুৱৈৰ মাজত তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা পোৱা যায় দুই পক্ষৰ খেলুৱৈ ৷ ফলত ৰেড কাৰ্ডৰ সন্মুখীন হয় গোৱাৰ খেলুৱৈ ছেমিনলেন ডংগেল ৷ অৱশ্যে দহগৰাকী খেলুৱৈৰে অন্তিম সময়ৰ 96 মিনিটত মানভীৰ সিঙে গ’ল কৰি 2-2 ৰ সমতা স্থাপন কৰি গোৱাৰ পৰাজয় ৰোধ কৰি নৰ্থ ইষ্ট ইউনাইটেডৰ জয়ত চেঁচা পানী ধালিবলৈ সক্ষম হয় ৷ যদিও মেচখন ড্ৰ’ হয় কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ খেলুৱৈৰ প্ৰদৰ্শনত যথেষ্ট সুখী নৰ্থ ইষ্টৰ ক্ৰীড়া অনুৰাগী সকল ৷

ABOUT THE AUTHOR

...view details