অসম

assam

By

Published : Apr 18, 2021, 8:00 AM IST

ETV Bharat / state

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰতিদিনেই পশ্চিমবংগৰ পৰা অসমলৈ অনা হয় কোটি কোটি টকাৰ ব্ৰইলাৰ মূৰ্গী । অভিযোগ মতে, পশ্চিমবংগৰ পৰা ছাগলীয়া গেটেৰে সৰবৰাহ কৰা ব্ৰইলাৰ ধুবুৰী জিলাৰ স্থানীয় ফাৰ্মত উৎপাদিত বুলি পশুপালন বিভাগৰ প্ৰমাণ পত্ৰ লৈ আৰক্ষীৰে বুজাবুজি কৰি প্ৰতিদিনে অসমলৈ আমদানি কৰি আহিছে ছিণ্ডিকেট চক্ৰই ।

broiler_syndicates in assam
ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

গুৱাহাটী, 18 এপ্ৰিল : অসমত অব্যাহত আছে ব্ৰইলাৰৰ ছিণ্ডিকেট । বহিঃৰাজ্যৰ নিষিদ্ধ ব্ৰইলাৰক লৈ ছিণ্ডিকেট চক্ৰই নিৰ্বিঘ্ন চলাই গৈছে ক'লা ব্যৱসায় । এই ক'লা ব্যৱসায় চলাই নিয়াৰ ক্ষেত্রত ছিণ্ডিকেট চক্ৰই আৰক্ষী-পশুপালন বিভাগৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতা লাভ কৰিছে । প্ৰাপ্ত অভিযোগ অনুসৰি ব্ৰইলাৰ ছিণ্ডিকেটৰ এটা অংশ যায় দিছপুৰলৈ । এই ছিণ্ডিকেটত এক বৃহৎ চক্ৰ জড়িত হৈ আছে ।

প্ৰাপ্ত তথ্য মতে, চৰকাৰী নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি প্ৰতিদিনেই পশ্চিমবংগৰ পৰা অসমলৈ অনা হয় কোটি কোটি টকাৰ ব্ৰইলাৰ মূৰ্গী । পশ্চিমবংগৰ পৰা ছাগলীয়া গেটেৰে সৰবৰাহ কৰা ব্ৰইলাৰ ধুবুৰী জিলাৰ স্থানীয় ফাৰ্মত উৎপাদিত বুলি পশুপালন বিভাগৰ প্ৰমাণ পত্ৰ লৈ আৰক্ষীৰে বুজাবুজি কৰি প্ৰতিদিনে অসমলৈ আমদানি কৰি আহিছে ছিণ্ডিকেট চক্ৰই ।

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

অভিযোগ অনুসৰি দৈনিক পশ্চিমবংগৰ পৰা অসমলৈ ছাগলীয়া গেটেৰে আহে ৩০-৪০খন ব্ৰইলাৰ কঢ়িওৱা মিনি ট্ৰাক । এই ট্ৰাকসমূহ ধুবুৰীত প্ৰৱেশ কৰাৰ পাছত কোনো বাধা নোহোৱাকৈ ৰাজ্যৰ বিভিন্ন জিলালৈ যায় । ব্ৰইলাৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু পশুপালন বিভাগক মেনেজ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে । ইয়াৰ বাবদ প্ৰতিখন ট্ৰাকে কেইবা হাজাৰ টকা আদায় দিব লাগে ছিণ্ডিকেট চক্ৰক ।

লক্ষণীয় বিষয় যে ব্ৰইলাৰ সৰবৰাহৰ ক্ষেত্ৰত দালাল চক্ৰটোৱে অতি কৌশলপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে । বাৰ্ড ফ্লুৰ বাবে বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মূৰ্গী সৰবৰাহত বাধা থকাৰ পৰিপ্ৰেক্ষিতত ছিণ্ডিকেট চক্ৰটোৱে পশ্চিমবংগৰ ব্ৰইলাৰসমূহ অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰাৰ বাবে স্থানীয় ফাৰ্মত উৎপাদিত হোৱা বুলি ভুৱা প্ৰমাণ পত্র পশুপালন বিভাগৰ পৰা সংগ্ৰহ কৰে । অভিযোগ অনুসৰি আগমণি, ছাগলীয়া আৰু গোলকগঞ্জৰ পশুপালন বিষয়াই ধনৰ বিনিময়ত এই প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছে । তদুপৰি ছাগলীয়া আৰক্ষী চকীৰ লগতে গোলকগঞ্জ থানা আৰু আগমণি থানাক মেনেজ কৰি পশ্চিমবংগৰ ব্ৰইলাৰ মূৰ্গীৰ ট্ৰাকসমূহ নিৰ্দিষ্ট জিলালৈ আৰক্ষীৰ বাধা অবিহনে ছিণ্ডিকেট চক্ৰটোৱে সৰবৰাহ কৰাৰ অভিযোগ উঠিছে ।

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

ছিণ্ডিকেট চক্ৰটোৱে আৰক্ষী আৰু পশুপালন বিভাগক কমিছন দিয়াৰ বাবেই পশ্চিমবংগৰ ব্ৰইলাৰৰ দামো গুৱাহাটীৰ বজাৰত বৃদ্ধি পাইছে । ৰাজ্যৰ চহৰসমূহত গ্ৰাহকে প্ৰতি কেজি ব্ৰইলাৰ প্ৰায় ৩০০ টকা দৰত ক্ৰয় কৰিবলগীয়া হৈছে । পশ্চিমবংগৰ আমদানিকৃত ব্ৰইলাৰ উভৈনদী হৈ পৰাত থলুৱা উৎপাদিত ব্ৰইলাৰৰ বিক্ৰী হ্ৰ‍াস পোৱাত স্থানীয় ব্যৱসায়ীসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । মাজে সময়ে আৰক্ষীয়ে দেখুৱাবৰ বাবে দুই-এখন বাহন জব্দ কৰে যদিও ছাগলীয়াৰে নিতৌ কোটি কোটি টকাৰ ব্ৰইলাৰ মূৰ্গী সৰবৰাহ কৰি থকা হৈছে । ছাগলীয়া হৈ বহিঃৰাজ্যৰ ব্ৰইলাৰৰ গাড়ী ৰাজ্যৰ বিভিন্ন জিলালৈ যায় । একাংশ পশু চিকিৎসা বিভাগৰ বিষয়াও এই চক্ৰত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

যি সময়ত দেশৰ কেইবাখনো ৰাজ্যত বাৰ্ড ফ্লুৱে আতংকৰ সৃষ্টি কৰিছে, তেনে সময়ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ গোপনে ব্ৰয়লাৰ মূৰ্গীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ অসাধু ব্যৱসায়ী তথা এটা দুষ্টচক্ৰই । ইতিমধ্যে ভাৰত চৰকাৰে বাৰ্ড ফ্লুৰ প্ৰতি লক্ষ্য ৰাখি পাঁচখনৰো অধিক ৰাজ্যত ব্ৰইলাৰ মূৰ্গীৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ বাৰ্ড ফ্লু যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়াকৈ সতৰ্ক কৰাৰ লগতে ব্ৰইলাৰ মূৰ্গীৰ আমদানি-ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে ।

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

দেশত বাৰ্ড ফ্লুৱে নতুনকৈ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলি চৰকাৰে তৎপৰতাৰে ব্ৰইলাৰ মূৰ্গীৰ ক্ৰয়-বিক্ৰয় বন্ধ কৰিছে যদিও অসমত তেনে ভাইৰাছ কঢ়িওৱা ব্ৰইলাৰ মুৰ্গীৰ ক্ৰয়-বিক্ৰয় আজিও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । এটা চক্ৰই ব্ৰইলাৰ ব্যৱসায়ীৰ সৈতে অতি গোপনে বুজাবুজি কৰি অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ, কামাখ্যাগুৰি, বাৰবিশা, তুফানগঞ্জ, ফালাকাটা আদি এলেকাৰ পৰা ব্ৰইলাৰ ভৰ্তি ট্ৰাক অসমৰ বৰপেটা, ৰঙিয়া, গোৱালপাৰা, চিৰাং, কোক্‌ৰাঝাৰ, বঙাইগাঁও আৰু নলবাৰীলৈ সৰবৰাহ কৰি আহিছে ।

ৰাজ্যত ব্ৰইলাৰৰ বিয়াগোম ছিণ্ডিকেট; জড়িত নেকি দিছপুৰ ?

উক্ত ব্ৰইলাৰ মুৰ্গী ভৰ্তি গাড়ীসমূহ অসম-বংগ সীমান্তৱৰ্তী তথা বাৰভিছা অতিক্ৰম কৰি সোণকোষ নৈৰ পাৰেৰে আহি ৰাষ্ট্ৰীয় পথৰ শ্ৰীৰামপুৰৰ পৰিৱৰ্তে বাজুগাঁও, জাৰাগুৰি, সাপকাটা আদি কৰি ভিতৰুৱা এলেকাৰ পথেৰে জয়মা, গুৰুফেলা হৈ ৰাষ্ট্ৰীয় পথত প্ৰৱেশ কৰে । বিগত কেইবাদিনত শ্ৰীৰামপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে ব্ৰইলাৰৰ গাড়ী জব্দ কৰি বংগ অভিমুখে ঘূৰাই পঠিওৱাৰ লগতে তেনে অবৈধ চক্ৰৰ সৈতে জড়িত বহুকেইজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে যদিও আজিপৰ্যন্ত ব্ৰইলাৰৰ অবৈধ বেহা বন্ধ হোৱা নাই । পূৰ্বৰ দৰে প্ৰতিনিশাই বংগৰ পৰা অহা ব্ৰইলাৰৰ গাড়ীসমূহে উপ-ঢৌকন দি অসমত প্ৰৱেশ কৰিছে। উল্লেখ্য যে, নিষেধাজ্ঞা থকাৰ পাছতো নিৰ্বিঘ্ন বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰৰ কেনেদৰে আমদানি কৰা হয় সেয়া ডাঙৰ প্ৰশ্ন ।
লগতে পঢ়ক: ক'ভিড পৰিস্থিতিক লৈ পুনৰ কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details