গুৱাহাটী,৫ মে': ধৰ্মনিৰপেক্ষতাৰ দোহাই দি সততে ৰাজনীতি কৰি অহা কংগ্ৰেছ দলৰ ভেটি ৰাজ্যৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চলত উচন হ'ল নেকি ? বিধানসভা নিৰ্বাচনৰ সদ্যঘোষিত ফলাফলে এতিয়া সৰ্বত্ৰে এই প্ৰশ্নৰে অৱতাৰণা কৰিছে । কিয়নো, কংগ্ৰেছে এককভাৱে এই নিৰ্বাচনত লাভ কৰিলে ২৯ খন আসন ৷ ইয়াৰে ১৮ গৰাকীয়েই হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৷ মূলতঃ পূৰ্ববংগীয় মূলৰ মুছলমান ভোটাৰেই এই নিৰ্বাচনত কংগ্ৰেছৰ নাক বচালে । ইয়াৰ বিপৰীতে সম্পূৰ্ণ খিলঞ্জীয়া লোকৰ আধিপত্য থকা প্ৰায় সকলো সমষ্টিতে ভোটদাতাই কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে ।
উদাহৰণস্বৰূপে, পাহাৰীয়া জিলা দুখনৰ আটাইকেইটা সমষ্টিয়েই এইবাৰ বিজেপিৰ দখললৈ গ’ল । অথচ, সৌ সিদিনালৈকে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আছিল কংগ্ৰেছৰ অভেদ্য দুৰ্গস্বৰূপ । খিলঞ্জীয়া ভোটদাতাই এই জিলা দুখনত নিৰ্ণয় কৰি আহিছে ৰাজনৈতিক নেতাৰ ভাগ্য । এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ উভয়ে মিলি লাভ কৰিলে ৪৫ খন আসন । ইয়াৰে ৩৩ গৰাকীয়েই হ'ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ । অতি তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্বাচনৰ ফলাফলে আৰু এটা দিশ খুৱ স্পষ্টভাৱে উদঙাই দেখুৱালে । ২০১৬ ৰ দৰে এই নিৰ্বাচনতো এটা কথা পানীৰ দৰে স্বচ্ছ হৈ পৰিল যে, কংগ্ৰেছৰ জনপ্ৰিয়তা এতিয়া খিলঞ্জীয়া লোকৰ মাজত নাই । আছে পূৰ্ববংগীয় মুছলমানৰ মাজতহে । নিৰ্বাচিত হৈ অহা কংগ্ৰেছৰ ২৯ গৰাকী বিধায়কৰ ১৮ গৰাকী ধৰ্মীয় সংখ্যালঘু হোৱাৰ বিপৰীতে বাকী যি ১১ গৰাকী জিকি আহিল তেওঁলোকৰো বিজয় সম্ভৱ হ'ল একমাত্ৰ ধৰ্মীয় সংখ্যালঘু ভোটদাতাৰ অকুণ্ঠ সমৰ্থনৰ বাবেহে ।