গুৱাহাটী,21 আগষ্ট: বিজেপিৰ নতুন ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মাত্ৰ এদিন পূৰ্বে ঘোষণা কৰিলে দলটোৰ নতুন ৰাজ্যিক সমিতিখনৰ বিষয়ববীয়াৰ নাম ৷ ন-পুৰণিৰ সমিলমিলেৰে এই নতুন ৰাজ্যিক সমিতিখন গঠন কৰিলেও অতি তাৎপৰ্যপূৰ্ণ ভাবে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ দায়িত্বৰ পৰা আতৰাই ৰখা হ'ল কেইবাজনো জেষ্ঠ নেতাক ৷ আনকি বেয়া দিনতো দলটোৰ সংগ ত্যাগ নকৰি দলৰ প্ৰতি সেৱা আগবঢ়াই যোৱা কেইবাজনো নেতাক ভৱেশ কলিতাই তেওঁৰ নতুন সমিতিৰ কাষেই চাপিব নিদিলে ৷
ইয়াৰ বিপৰীতে সৌ সিদিনা কংগ্ৰেছ দল এৰি বিজেপিত যোগ দিয়া চাৰিজনকৈ নেতাক দিয়া হ'ল মুখপাত্ৰৰ দায়িত্ব ৷ জুৰি শৰ্মা বৰদলৈ,পংকজ বৰবৰা, কল্যাণ গগৈ আৰু ৰাজদ্বীপ গোৱালাক দলৰ মুখপাত্ৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ অৱশ্যে মুখ্য মুখপাত্ৰৰ দায়িত্ব দিয়া হৈছে দলৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাক ৷ মনকৰিবলগীয়া যে, এইবাৰৰ বিধানসভা নিৰ্বাচন আৰু 2019 ৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা কেইবাজনো নেতাক এই নতুন ৰাজ্যিক সমিতিখনত অন্তৰ্ভুক্ত কৰা নহ'ল ৷