গুৱাহাটী, 24 এপ্ৰিল : যুৱনেত্ৰী অংকিতা দত্তক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰাৰ পিচত কংগ্ৰেছ, বিজেপি আৰু অগপ তিনিওটা দলৰ ভিতৰ চ’ৰাত অব্যাহত আছে বিভিন্ন প্ৰতিক্ৰিয়াৰ ৷ সমান্তৰালভাৱে অংকিতা দত্তৰ ৰাজনৈতিক পৰিক্ৰমা ইমানতে সমাপ্ত হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ আনহাতে গেৰুৱা বসন পিন্ধিব নেকি বুলিও বু বু বা বা হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ পৰা বহিষ্কৃত হোৱা অংকিতা দত্তৰ বিৰুদ্ধে ? একে সময়তে বিজেপিতো অংকিতাৰ প্ৰতি এক প্ৰকাৰ দুৱাৰ বন্ধ ঘোষণা কৰিছে বিজেপি নেতৃত্বই (Case against IYC president Srinivas) ৷
ৰাজনৈতিক পাশাখেলত যেন বন্দী হৈ পৰিছে অংকিতা দত্ত ৷ এফালে কংগ্ৰেছৰ পৰা ৬ বছৰলৈ বহিষ্কাৰ হ’ল যুৱ নেত্ৰীগৰাকী ৷ একে সময়তে ৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে বিজেপি গমনৰ পথো ৷ অসমত তেনেই চালুকীয়া অৱস্থাত থকা আপৰ তৰফৰ পৰা অৱশ্যে অংকিতাক আদৰণি জনোৱা হৈছে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত সাংবাদিকৰ এক প্ৰশ্নত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিব বিচাৰিলেও বিজেপিত স্থান নাই বুলি উল্লেখ কৰে ৷
আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাইয়ো অংকিতাৰ বিজেপিত যোগদানৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰে ৷ চৰকাৰে আইনগতভাৱেহে অংকিতাক সহযোগিতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷ অৱশ্যে এইক্ষেত্ৰত কিছু নৰম সুৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (BJP State President Bhabesh Kalita on Angkita Dutta) ৷
বিজেপি নেতৃত্বৰ অংকিতা সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ পৰা অংকিতাৰ ৰাজনৈতিক ভৱিষ্যৎ চিৰকালৰ বাবে বন্ধ হৈ পৰা যেন পৰিলক্ষিত হয় ৷ একেদৰে বিজেপিয়ে আদৰি নল’লে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ দৰে দলহীন অৱস্থা অংকিতাৰো হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ আনকি বিজেপিৰ তৰফৰ কোৱা হৈছে যে অসমীয়া জীয়ৰী, এগৰাকী অসমীয়া নাৰী হিচাবেহে অংকিতাৰ প্ৰতি সমৰ্থন তেওঁলোকে আগবঢ়াইছে ৷ কিন্তু ভিতৰুৱা তথ্য অনুসৰি, অংকিতাক লৈ চলিছে বিজেপিৰ নতুন সমীকৰণ ৷ যি অংকই নাজিৰাত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ সমুখত নতুন প্ৰতিদ্বন্দ্বী সৃষ্টি কৰিব (Angkita Dutta Bjp Joining rumor) ৷
লগতে পঢ়ক:Angkita Dutta changed twitter bio: বহিষ্কাৰৰ পিচতেই টুইটাৰৰ বায়’ সলনি কৰিলে অংকিতা দত্তই