অসম

assam

ETV Bharat / state

ৰাজ্যত বিকল হৈ আছে জলসিঞ্চনৰ ১৮৫৪ খন আঁচনি - Restructuring of irrigation offices is underway

নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত জলসিঞ্চনৰ কোনো এখন বিকল আঁচনি কার্যক্ষম কৰি তোলাৰ বাবে বিভাগে পদক্ষেপ গ্রহণ কৰা নাই । নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয়সমূহৰহে পুনৰ গঠন প্রক্রিয়া চলি আছে (Restructuring of irrigation offices is underway)।

Recession in irrigation department of Assam
ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

By

Published : Jan 2, 2022, 4:45 PM IST

গুৱাহাটী,২ জানুৱাৰী :এশ-দুশ নহয় ৰাজ্যৰ ১,৮৫৪ খন জলসিঞ্চন আঁচনিয়েই বৰ্তমান বন্ধ হৈ পৰিছে (Irrigation schemes in Assam are non-functional)। জানিব পৰা মতে ৰাজ্যত নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত জলসিঞ্চনৰ কোনো এখন বিকল আঁচনি কার্যক্ষম কৰি তোলাৰ বাবে বিভাগে পদক্ষেপ গ্রহণ কৰা নাই । নতুন চৰকাৰ শাসনলৈ অহাৰ পাছত কেৱল জলসিঞ্চনৰ কার্যালয়সমূহৰহে পুনৰ গঠন প্রক্রিয়া চলি আছে (Restructuring of irrigation offices is underway)।

ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

বিধানসভাৰ সমষ্টি ভিত্তিত জলসিঞ্চনৰ এটাকৈ কার্যালয় স্থাপন কৰা প্রক্রিয়া চলি আছে । বিপৰীতে কোনো সমষ্টিত যদি এটাতকৈ অধিক জলসিঞ্চনৰ কার্যালয় আছে, তেন্তে তেনে কার্যালয় আন সমষ্টিলৈ উঠাই নিয়াৰ প্রক্রিয়া চলি আছে । কার্যালয় পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বিভাগটোৰ কর্মচাৰীৰ ক্ষেত্ৰতো স্থানৰ সালসলনি কৰা প্রক্রিয়া চলিছে । এনে কাৰণত নতুন চৰকাৰখনৰ বিগত কালছোৱাত বিকল আঁচনিসমূহ প্রাণ পাই নুঠিল ।

ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

ৰাজ্যখনত মুখ্য ৩,৮৮৪ খন জলসিঞ্চলৰ আঁচনি আছে আৰু ইয়াৰে ১,৮৫৪ খন আঁচনিয়ে আজিৰ তাৰিখত বিকল হৈ আছে । জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণৰ দৰে জলসিঞ্চন বিভাগেও খৰালি কালত তৎপৰতাৰে আঁচনিৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম আৰম্ভ কৰে । কিন্তু এইবাৰ কার্যালয়সমূহৰ স্থান সালসলনি কৰি থকাৰ পৰিপ্ৰেক্ষিতত পূর্বে ৰূপায়ণ কৰা আঁচনিসমূহৰ মেৰামতিয়েই নহ'ল ।

ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

জনা মতে আঁচনিৰ মেৰামতিৰ বাবে পুঁজিৰ অভাৱেও বাধাগ্রস্ত কৰিছে (Recession in irrigation department of Assam)। কাৰণ চৰকাৰে যোৱা বাজেটত বিভাগটোৰ আঁচনিৰ ৰূপায়ণ আৰু মেৰামতিৰ বাবে পর্যাপ্ত পৰিমাণৰ পুঁজি ধার্য নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যৰ জলসিঞ্চন বিভাগ চলি আছে । বিকল হৈ থকা আঁচনিসমূহ মেৰামতি কৰি কার্যক্ষম কৰা হ'বনে নাই, সেই সন্দৰ্ভতো এতিয়া বিভাগৰ হাতত কোনো উত্তৰ নাই ।

ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

এনে প্রেক্ষাপটত এতিয়া ৰাজ্য চৰকাৰৰ পুঁজিৰে জলসিঞ্চনৰ নতুন আঁচনি নির্মাণ কৰা বা বিকল আঁচনি মেৰামতি কৰা কাৰ্য অসম্ভৱ হৈ পৰিছে । বিভাগীয় সূত্রই সদৰি কৰা অনুসৰি প্রধানমন্ত্রী কৃষি সিঁচাই যোজনাৰ বাহিৰে জলসিঞ্চনৰ আন আঁচনিৰ নামত পুঁজি আৱন্টন হোৱা নাই । যাৰ বাবে মেৰামতিৰ অভাৱত ইখনৰ পাছত সিখনকৈ আঁচনি বন্ধ হৈ পৰিছে ।

ৰাজ্যত জলসিঞ্চনৰ ১৮৫৪ খন আঁচনিয়েই বিকল হৈ আছে

সূত্ৰটোৰ মতে এ আই বি পি আঁচনিৰ (AIBP scheme) অধীনত ৰাজ্যখনত অধিক জলসিঞ্চন আঁচনি আছে । কিন্তু এই এ আই বি পি আঁচনিসমূহৰ বাবে পুঁজিৰ আৱণ্টন দিয়া বন্ধ কৰাত ভৱিষ্যতলৈ এইসমূহ আঁচনিৰ মেৰামতি সম্পূর্ণ বন্ধ হৈ পৰিব ।

লগতে পঢ়ক :Minister A Narayanaswamy visits Darrang : দৰঙত চৰকাৰী আঁচনি পৰ্যবেক্ষণ কেন্দ্ৰীয় মন্ত্ৰী এ নাৰায়ণাস্বামীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details