অসম

assam

ETV Bharat / state

জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণা - জলসিঞ্চন

অৱশেষত ঘোষণা হ'ল জলসিঞ্চন বিভাগৰ বিতৰ্কিত পৰীক্ষাৰ ফলাফল। ৩৯৭টা শাখা সহায়ক পদৰ ফলাফল ঘোষণা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ফলাফল ঘোষণা কৰে বিভাগটোৱে।

জলসিঞ্চন বিভাগৰ ৩৯৭টা শাখা সহায়ক পদৰ ফলাফল ঘোষণা
জলসিঞ্চন বিভাগৰ ৩৯৭টা শাখা সহায়ক পদৰ ফলাফল ঘোষণা

By

Published : Oct 13, 2020, 2:28 PM IST

গুৱাহাটী, ১৩ অক্টোবৰ: বহু বাদ-বিবাদৰ অন্তত ঘোষিত হ'ল জলসিঞ্চন বিভাগৰ ৩৯৭টা পদৰ বিতৰ্কিত পৰীক্ষাৰ ফলাফল। যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দেশ দিছিল। এই নিৰ্দেশ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ফলাফল ঘোষিত কৰে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে, ব্লেকলিষ্টেড কোম্পানী 'এপটেকে' বিসংগতিপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বহুকেইগৰাকী প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

পূৰ্বেই উত্তৰ প্ৰদেশত 'এপটেকে' অনুষ্ঠিত কৰা পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বাবে ঠিকাদাৰী প্ৰতিষ্ঠানটোক ব্লেকলিষ্টেড কৰা হৈছিল। এই বিষয়ে ন্যায়ালয়তো স্বীকাৰোক্তিও দিছিল 'এপটেকে'। সকলো কথা জানিও 'এপটেক'ক অসমত চৰকাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ ঠিকা দিছিল জলসিঞ্চন বিভাগে। চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত এই গোচৰৰ শুনানিত উচ্চ ন্যায়ালয়ে শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰে।

যোৱা ৯ অক্টোবৰত হোৱা শুনানিত ন্যায়ালয়ে জলসিঞ্চন বিভাগৰ ৩৯৭টা শাখা সহায়ক পদৰ বাছনি প্ৰক্ৰিয়া আগুৱাই নিয়াৰ অনুমতি দিয়ে। আদালতৰ অনুমতিৰ পিছতে বিভাগটোৱে বিতৰ্কিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। অৱশ্যে ফলাফল ঘোষণা কৰিলেও ন্যায়ালয়ৰ অনুমতি অবিহনে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

লগতে পঢ়ক:দলগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details