অসম

assam

ETV Bharat / state

সৌভাগ্য আঁচনিৰ নামত পলাশবাৰীত বৃহৎ কেলেংকাৰী - ইটিভি ভাৰত

ধন আদায় দিলেহে আঁচনিৰ সুবিধা লাভ কৰে ৰাইজে

etv bharat

By

Published : Feb 25, 2019, 11:39 AM IST

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : শক্তি বিভাগৰ সৌভাগ্য আঁচনিয়ে নমাই আনিছে দুৰ্ভাগ্য। সৌভাগ্য আঁচনিৰ সুবিধা লাভাৰ্থে জনসাধাৰণে বিক্ৰী কৰিবলগীয়াত পৰিছে ভড়ালৰ ধান কিম্বা গোহালীৰ গৰু। কাৰণ ভেটি নিদিলে লাভ নকৰে আঁচনিৰ সুবিধা।

soubhagya scheme

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কালাপাৰী চৰ অঞ্চলৰ ৰাইজে লাভ কৰা নাই শক্তি বিভাগৰ সৌভাগ্য আঁচনিৰ সুবিধা। কাৰণ আঁচনি প্ৰদায়ী দালালক প্ৰদান কৰিবলৈ তেওঁলোকৰ হাতত নাই ধন। ৰাইজৰ অভিযোগৰ ভিত্তিত ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল অঞ্চলটোত। তাৰ পাচতেই ওৰ ওলাল সমগ্ৰ ঘটনাৰ। চৰকাৰী আঁচনি চৰ অঞ্চলটোৰ লোকৰ কাষ চপাত হেঙাৰৰূপে থিয় দিছে একাংশ দালালে। সৌৰ চাকি আৰু চ'লাৰ প্লেট বিতৰণৰ নামত অঞ্চলটোৰ জনাসাধাৰণৰ পৰা দালালে সংগ্ৰহ কৰে ৩ হাজাৰ টকাকৈ। ইটিভি ভাৰতৰ সাংবাদিকক প্ৰত্যক্ষ কৰি পলায়ন কৰে জনৈক হুছেইন নামৰ দালালজনে। বিভাগীয় ঠিকাদাৰৰ লগতো মিতিৰালি কৰি জনৈক হুছেইনে আঁচনিৰ বৃহৎ পৰিমাণৰ ধন সৰকোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

ABOUT THE AUTHOR

...view details