অসম

assam

By

Published : Aug 7, 2021, 5:21 PM IST

ETV Bharat / state

ইজনৰ পিছত সিজন আমোলা ডেপুটেছনতঃ দুবছৰত অসম এৰিলে ১৪ জনে

অসম চৰকাৰ(Assam Government)ৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এতিয়া আমোলাৰ অভাৱ । এই পৰ্যন্ত অসম-মেঘালয় কেডাৰৰ ৩৪ গৰাকী আই এ এছ বিষয়াই ডেপুটেছনত গৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই আছে ।

IPS, IAS officers in Deputation
অসম চৰকাৰৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আমোলাৰ অভাৱ

গুৱাহাটী, ৭ আগষ্ট: মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰাই ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰ সাধন কৰাত । সেই অনুসৰি নিতৌ গ্ৰহণ কৰা হৈছে ভালেমান নতুন নতুন সিদ্ধান্ত ।

আশুতোশ অগ্নিহোত্ৰী

ক'ৰবাত যদি কেইবাটাও বিভাগ একত্ৰিত কৰা হৈছে, আন ক'ৰবাত আকৌ একেটা বিভাগকে দুভাগত বিভক্ত কৰা হৈছে । কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল প্ৰশাসনিক সংস্কাৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিলেও অসম চৰকাৰৰ প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এতিয়া আমোলাৰ অভাৱ ঘটিছে ।

আনন্দ প্ৰকাশ তিৱাৰী

এই পৰ্যন্ত অসম-মেঘালয় কেডাৰৰ ৩৪ গৰাকী আই এ এছ বিষয়াই ডেপুটেছনত গৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই আছে ।

নাৰায়ণ কোঁৱৰ

আনহে নালাগে, মুখ্যমন্ত্ৰী হিচাপে ডঃ৹ শৰ্মাই দায়িত্ব লোৱাৰ পিছতো এজন আই পি এছ আৰু এজন আই এ এছ বিষয়াই অসম এৰি ডেপুটেছনত গৈছে । এই দুগৰাকী বিষয়া হ'ল শ্যাম জগন্নাথন আৰু আনন্দ প্ৰকাশ তিৱাৰী । প্ৰাপ্ত তথ্য মতে, ৭ আগষ্ট পৰ্যন্ত ১২ জন আই পি এছ বিষয়াই অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আছে ।

পুৰু গুপ্তা

বিগত দুটা বছৰত ৰাজ্য প্ৰশাসনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদ এৰি অসম-মেঘালয় কেডাৰৰ ১৪ গৰাকী আই এ এছ বিষয়া ডেপুটেছনত গৈছে । সেই সকলৰ মাজত অন্যতম কেইগৰাকীমান হ'ল ২০১৯ত অসম এৰি যোৱা এল এছ চাংছন, পুৰু গুপ্তা, ৰবি কাপুৰ, অৰুণা ৰাজ'ৰিয়া, বীৰেন্দ্ৰ মিট্টাল, নাৰায়ণ কোঁৱৰ, পি অশোক বাবু, সন্দীপ তিৱাৰী আৰু জে ভি এন সুব্ৰমনিয়াম ।

এল এছ চাংছন

ঠিক একেদৰে ২০২০ চনত অসম এৰি ডেপুটেছনত যোৱা অসম-মেঘালয় কেডাৰৰ কেইগৰাকীমান বিষয়া হ'ল ক্ৰমে প্ৰতীক হাজেলা, সঞ্জয় লোহিয়া, ড৹ এম অংগমথু আৰু আশুতোষ অগ্নিহোত্ৰী । এইদৰে ইজনৰ পিছত সিজনকৈ আমোলা ডেপুটেছনত যোৱাৰ ফলত এতিয়া একোজন আই এ এছ বিষয়াই চম্ভালিবলগীয়া হৈছে বহুকেইটা বিভাগ । ফলত যথেষ্ট অসুবিধা আহি পৰিছে ।

ড৹ এম অংগমথু

লগতে পঢ়ক: মেৰাপানীত NSCNৰ শিবিৰ ধ্বংস কৰিলে অসম ৰাইফলছে

ABOUT THE AUTHOR

...view details