গুৱাহাটী, 31 জানুৱাৰী :জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিয়েই আৰক্ষীক ৰাইজৰ লগত সদ্ব্যৱহাৰ কৰাৰ বাবে সকিয়নী দিয়ে ৷ উল্লেখ্য যে মঙলবাৰে অসম আৰক্ষীৰ বিদায়ী আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিকভাবে নৱনিযুক্ত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক(IPS GP Singh) দায়িত্বভাৰ অৰ্পণ কৰে ৷
অসম আৰক্ষীৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিকভাৱে নৱনিযুক্ত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দায়িত্বভাৰ অৰ্পণ কৰি কয়- ‘‘জি পি সিঙৰ লগত আগতে কাম কৰিছিলোঁ । তেওঁ নিশ্চয় ভালদৰে অসমৰ ৰাইজৰ বাবে সেৱা আগবঢ়াব’’(IPS Bhaskar Jyoti Mahanta Retired)৷ বিদায় বেলাত স্বভাৱজাত ৰসিকতাৰে মহন্তই তেওঁৰ উত্তৰসূৰী জি পি সিঙৰ কাণে কাণে কৈ থৈ গ'ল- "ভালকে থাকিব ৷ বৰ বেছি খং-ছং কৰি নাথাকিব ৷"
ইপিনে জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত(Assam Police Headquarter Ulubari) আজি এক সংবাদমেল সম্বোধন কৰি কয়- ‘‘অসম আৰক্ষীৰ কোনো লোকে ৰাইজক অনাহকত বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৷ বেয়া ব্যৱহাৰ অসম আৰক্ষীত সহ্য কৰা নহ'ব ৷ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ মোৰ অসমৰ ৰাইজৰ প্ৰতি এয়া প্ৰতিশ্ৰুতি’’ ৷
তেওঁ কয় -‘‘মোৰ কামৰ প্ৰথম অগ্ৰাধিকাৰ হিচাবে সকলোৱে সমান সম্মান পাব ৷ কিন্তু তেওঁলোকে ভালদৰে ৰাইজৰ সেৱা কৰিব লাগিব’’৷ ভাস্কৰজোতি মহন্তৰ লগত সান্নিধ্যৰ কথা সুঁৱৰি তেওঁ কয় যে ভাস্কৰজোতি মহন্তই যিসমূহ পৰিকল্পনা কৰিছিল সেইসমূহ তেওঁৰ কাৰ্যকালত কাৰ্যকৰী কৰা কৰা হ'ব ৷
জি পি সিঙে লগতে কয় - ‘‘ৰাইজে প্ৰত্যক্ষভাবে আৰক্ষীৰ উচ্চ বিষয়াৰ লগত যোগাযোগ কৰিব পাৰিব ৷ আৰক্ষীৰ জিলা মুখ্য কাৰ্যালয়ত ২ ঘন্টাৰ বাবে ৰাইজৰ অভাৱ অভিযোগ শুনাৰ ব্যৱস্থা কৰা হ’ব ৷ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো এই ব্যৱস্থা কৰা হ'ব ৷ আৰক্ষীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অধিক সক্ৰিয় কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ৰাইজৰ লগত যোগাযোগ বৃদ্ধি কৰা হ'ব’’ ৷