নিউজ ডেস্ক, 26 ডিচেম্বৰ : লখিমপুৰৰ আৰক্ষী অধীক্ষক তথা বহুতচৰ্চিত IPS বিষয়া আনন্দ মিশ্ৰই পদত্যাগ কৰিছে ৷ আগন্তুক বৰ্ষৰ 16 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ এই পদত্যাগ পত্ৰ দাখিল কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰলৈ আনন্দ মিশ্ৰই প্ৰেৰণ কৰে তেওঁৰ পদত্যাগ পত্ৰ ৷ সম্পূৰ্ণ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি পত্ৰখনত তেওঁ উল্লেখ কৰে ৷
IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ উল্লেখ্য যে, 2011 চনৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়া আনন্দ মিশ্ৰই যোৱা সময়ছোৱাত ধুবুৰী, নগাঁও, লখিমপুৰকে ধৰি কেবাখনো জিলাত আৰক্ষী অধীক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছে ৷ অৱশ্যে সময়ে সময়ে বিভিন্ন কৰাণত বিতৰ্কৰো কেন্দ্ৰবিন্দু হৈ পৰিছিল এইগৰাকী বহুচৰ্চিত IPS বিষয়া ৷
শেহতীয়াকৈ লখিমপুৰত আৰক্ষী অধীক্ষক ৰূপে যোগদান কৰাৰ পিচৰে পৰাই নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান তেওঁ তীব্ৰ কৰি তুলিছিল ৷ আনন্দ মিশ্ৰই চাকৰি ত্যাগ কৰি প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰিব পাৰে বুলি যোৱা সময়ছোৱাত সৰৱ চৰ্চা চলিছিল ৷ তাৰ পিচতেই আজি তেওঁ পদত্যাগ কৰা ঘটনাই সেই চৰ্চা সত্য হোৱাৰেই ইংগিত বহন কৰিছে ৷
কিছুদিন পূৰ্বে আনন্দ মিশ্ৰক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছিল ৷ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ তদন্তকাৰী গোট (SIT) ৰ নেতৃত্ব বহন কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল আনন্দ মিশ্ৰক ৷ সেইমৰ্মে মিশ্ৰই মণিপুৰ হিংসাৰ SIT তদন্তৰ নেতৃত্ব দিয়াৰ কথা আছিল যদিও আজিৰ পদত্যাগে সকলো অংক খেলিমেলি কৰি পেলালে ৷
লগতে পঢ়ক :আনন্দ মিশ্ৰৰ ওপৰত গধুৰ দায়িত্ব; নেতৃত্ব দিব মণিপুৰ হিংসাৰ বিশেষ তদন্তকাৰী গোটক