গুৱাহাটী, 22 মাৰ্চ :আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব ৷ অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল আইপিএছ বিষয়া আনন্দ মিশ্ৰক(IPS Anand Mishra appointed as AIG (SPORTS)) ৷ ক্ৰীড়া বিভাগত এটা নতুন পদ সৃষ্টি কৰি আনন্দ মিশ্ৰক দিয়া হ'ল নিযুক্তি(Reshuffle in Assam Police) ৷ এতিয়া নতুনকৈ সৃষ্টি কৰা এই পদত থাকি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিব আনন্দ মিশ্ৰই । ইয়াৰ পূৰ্বে আইপিএছ বিষয়াগৰাকী নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি আছিল ।
উল্লেখ্য যে, ২২ জানুৱাৰীত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল । তদন্ত কমিটীৰ প্ৰতিবেদনৰ পিছতো তেওঁ সংবাদমেল সম্বোধন কৰিছিল । ইয়াৰ পাছতে তেওঁক তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন কৰি ৰখা হৈছিল । অৱশেষত মঙলবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মৰ্মে তেওঁক নতুনকৈ সৃষ্টি কৰা আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে বদলি কৰা হয় ।