গুৱাহাটী, 20 এপ্ৰিল : কোভিড-19 কেন্দ্ৰিক অচলাৱস্থাই ভয়াৱহ সংকটৰ দিশে ঠেলি দিছে অসমৰ চাহ উদ্যোগ আৰু ৰাজ্যখনৰ 10 লক্ষাধিক চাহ শ্ৰমিকৰ পৰিয়ালক ৷ লক ডাউনৰ শেহতীয়া সময়ত চাহ উদ্যোগক আংশিকভাৱে ৰেহাই দিয়া হৈছে যদিও মাৰ্চ মাহৰ শেষৰ পৰা অব্যাহত হৈ থকা অচলাৱস্থাই ইতিমধ্যে চাহ উদ্যোগক আৰ্থিক মন্দাৱস্থালৈ ঠেলি দিছে ৷ সোমবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নৰ্থ ইষ্ট টি এছ’চিয়েশ্যনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে অসমৰ বৰ্তমানৰ চাহ উদ্যোগ ক্ষেত্ৰখনৰ পৰিস্থিতিৰ কথা সদৰী কৰে ৷ দেশৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে সৰু-বৰ থলুৱা চাহ খেতিয়কসহ বৃহৎ কোম্পানীসমূহৰ উপৰিও প্ৰত্যক্ষভাৱে অসমৰ 10 লাখ শ্ৰমিকৰ পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে ৷
চাহ উৎপাদনৰ ক্ষেত্ৰত অসম প্ৰায় 53 শতাংশ উৎপাদনেৰে দেশৰ ভিতৰত প্ৰথম স্থানত বৰ্তি আছে ৷ কিন্তু এই লক ডাউনৰ সময়ছোৱাত চাহ উদ্যোগে প্ৰায় 1800 কোটি টকাৰ এক বৃহৎ ব্যয়ৰ সন্মুখীন হ’ব লগা হৈছে ৷ বৰকাকতিয়ে জনোৱা মতে,এই সংকটৰ সময়ত চৰকাৰে যদি পদ্ধতিগতভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণ নকৰে,তেতিয়াহ’লে কৃষিভিত্তিক উদ্যোগিক খণ্ডই আৰু অধিক ভয়াৱহ সংকটৰ দিশে গতি কৰিব ৷