1 মে' গুৱাহাটী : অচিন মহামাৰীয়ে সৃষ্টি কৰা অনিশ্চয়তা আৰু অভূতপূৰ্ব সামাজিক সংকটৰ সময়ত অসহায় জনতাৰ বাবে কিবা এটা কৰাৰ বাবে আগবাঢ়ি আহিছে এগৰাকী তৰুণ কাৰ্টুনিষ্ট । কিছু ব্যতিক্ৰমী পদক্ষেপ আৰু অংকনেৰে জনতাৰ ওচৰ চাপিছে তেওঁ । সমগ্ৰ সমাজখনেই হতাশা-দুৰ্ভাৱনাৰ মাজেৰে সময় পাৰ কৰাৰ সময়ত এই তৰুণ কাৰ্টুনিষ্ট গৰাকীয়ে মানুহক দিবলৈ বিচাৰিছে সত্য সন্ধানৰ সোৱাদ । এই তৰুণ চিত্ৰকৰ্মী আৰু আন কোনো নহয়, তেওঁ হ'ল জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী ।
COVID-19 কেন্দ্ৰিক আতংকই জনজীৱন বিপৰ্যস্ত কৰাৰ সময়তে একাংশ দুষ্কৃতিকাৰীয়ে ফেচবুক, ৱাটছএপ, ইনষ্টাগ্ৰামকে ধৰি প্ৰতিটো ছ'চিয়েল মিডিয়াৰ পৃষ্ঠা ভৰাই পেলাইছে ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰেৰে । এনে অসামাজিক কামে সচেতন লোকৰ চিন্তা-চৰ্চাটো নেতিবাচক প্ৰভাৱ পেলাইছে । অসম আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰা তথ্য অনুসৰি লক্ ডাউনৰ শেহতীয়া সময়ত ভুৱা খবৰ তথা চাইবাৰ ক্ৰাইমৰ মুঠ 94টা গোচৰ ৰুজু হৈছে আৰু গ্ৰেপ্তাৰো হৈছে 49 জন লোক । কিন্তু তাৰ পিচতো এনে অপৰাধৰ সংখ্যা কমা নাই ।
এনে এক পৰিস্থিতিত ভুৱা খবৰৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ এক অভিযানত চামিল হয় জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী । তেওঁ জনোৱা মতে, অনামিকা ৰয় মেম'ৰিয়েল ট্ৰাষ্ট নামৰ এটি অনা চৰকাৰী সংস্থাৰ উদ্যোগত যোৱা এক এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এক সজাগতা আৰু জনশিক্ষণ অভিযানৰ অংশ হিচাপে প্ৰতিদিনেই এটাকৈ কাৰ্টুন ৰাইজৰ বাবে আগবঢ়াইছে ।