গুৱাহাটী, 17 জুন :আজিও অব্যাহত আছে গুৱাহাটীৰ নুনমাটিৰ দুই কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য ৷ পলাতক অভিযুক্ত ধৰ্ষণকাৰীক চিনাক্তকৰণৰ বাবে বৃহস্পতিবাৰে 13 আইছক্ৰীম বেপাৰীক নুনমাটি আৰক্ষীয়ে জেৰা চলায় ৷ তাৰ পিচত শুকুৰবাৰে পুনৰ 12 গৰাকী আইছক্ৰীম বেপাৰীক সোধ-পোচ কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই তথ্য ৷
অৱশ্যে বৰ্তমানলৈকে পলাতক হৈ থকা অভিযুক্ত দুই আইছক্ৰীম বেপাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । ইফালে দুই বনকৰা শিশু আৰু কিশোৰীক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা পাথৰকুঁৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা চিকিৎসক ডাঃ ৰাজা দাস আৰু ফৰেষ্টগেটৰ পান দোকানী ধীৰেন মজুমদাৰক দুদিনৰ বাবে নুনমাটি আৰক্ষীৰ জিম্মত লয় ।
শুকুৰবাৰে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হজিৰ কৰা হয় দুই অভিযুক্তক ৷ তাৰ পাচতে দুই অভিযুক্তক আৰক্ষীযে জিম্মত লয় । সম্প্ৰতি নুনমাটি আৰক্ষী থানাত শিশু আৰু কিশোৰী নিৰ্যাতন চলোৱা সন্দৰ্ভত দুই অভিযুক্তক অধিক তথ্যৰ বাবে মৰাথন জেৰা চলাই আছে আৰক্ষীয়ে ।