অসম

assam

ETV Bharat / state

The Muse: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল চুটি ছবি "The Muse"

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰা হৈছে অসম সন্তান অংশুমান শইকীয়া পৰিচালিত "The Muse" শীৰ্ষক চুটি ছবি । ইৰাণৰ Norgs International Independent Film Festival ৰ চুটি ছবি শাখাত প্ৰদৰ্শিত হয় ছবিখন ।

The Muse
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত উজলিল চুটি ছবি "The Muse"

By

Published : Aug 13, 2023, 3:01 PM IST

Updated : Aug 13, 2023, 4:28 PM IST

গুৱাহাটী, 13 আগষ্ট :ইৰাণৰ Norgs International Independent Film Festivalৰ চুটি ছবি শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয় অসমৰ এখন চুটি ছবি । অসম সন্তান তথা নৱপ্ৰজন্মৰ পৰিচালক অংশুমান শইকীয়াৰ পৰিচালিত "The Muse' (দ্য মিউজ) শীৰ্ষক চুটি ছবিখন প্ৰদৰ্শিত হৈছে ইৰাণৰ NORGS International Independent Film Festivalত। যোৱা ৩১ জুলাইত অনলাইন যোগে প্ৰদৰ্শিত হয় চুটি চুবিখন। চুটি ছবি শাখাৰ বাচনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছিল অসম সন্তান অংশুমান শইকীয়াই।

এই চুটি ছবিখন গুৱাহাটীৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ কৰা হৈছিল । ছবিখন মূলতঃ এক স্পৰ্শকাতৰ বিষয়ক লৈ নিৰ্মিত কৰা এখন সামাজিক চুটি ছবি ৷ নিজৰ জীৱনত সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা এজন লোকে সমাজ ব্যৱস্থাত অস্থিৰ হৈ থকা তিনিগৰাকী যুৱকৰ সৈতে মিলিত হয়। পাচত এই তিনি যুৱকক কেনেকৈ তেওঁলোকৰ সমস্যাৰ পৰা উদ্ধাৰ কৰি সমাধানৰ পথ উলিয়াবলৈ সহায় কৰে, সেয়াই হৈছে এই ছবিখনৰ মূল উদ্দেশ্য ৷

নগাঁৱৰ চামগুৰিৰ যুৱক অংশুমান শ‍ইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্রী লোৱাৰ লগতে নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত বহু কাম কৰি আছে । কেইবাখনো নাটক পৰিচালনা কৰি শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছে অংশুমান শ‍ইকীয়াই । পৰিচালক, সহঃঅভিনেতা হিচাপে তেওঁৰ প্ৰথমখন চুটি ছবি ‘শ্বিল পাই' (আমি ভালপোৱা কলা, আমি ঘৃণা কৰা পথ) ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে পৰিচালক হিচাপে অংশুমান শইকীয়াৰ দ্বিতীয়খন চুটি ছবি 'দ্য মিউজ'। ছবিখনৰ চিনেমাটোগ্ৰাফাৰ হিম প্ৰকাশ হালৈ আৰু ৰাকিব আহমেদ। সম্পাদনা কৰিছে দিপাংকৰ বৈশ্য, ছাউণ্ড ডিজাইনাৰ সৌৰভ কুমাৰ দাসৰ। আনহাতে ছবিখনত অভিনয়ত আছে প্রয়াস ফুকন, অম্বুজেশ বশিষ্ঠ, বিশ্বজিৎ কলিতা, নিপনজ্যোতি ডেকা আৰু সংসুমা বড়ো। মুখ্য সহকাৰী সঞ্চালক কুলদীপ আহন গোস্বামী।

লগতে পঢ়ক:Assamese film Raghav: ৰাঘৱে ভংগ কৰিব পাৰিব নে ৰঘুপতিৰ অভিলেখ ? এই সন্দৰ্ভত কি ক’লে নিশিতা গোস্বামীয়ে

Last Updated : Aug 13, 2023, 4:28 PM IST

ABOUT THE AUTHOR

...view details