অসম

assam

International Yoga Day 2022 : ৰাজ্যজুৰি যোগ দিৱস উদযাপন

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)৷ সমগ্ৰ বিশ্বজুৰি আজি অৰ্থাৎ মঙলবাৰে পুৱাৰে পৰা উদযাপন কৰা হয় যোগ দিৱসৰ কাৰ্যসূচী ৷

By

Published : Jun 21, 2022, 7:12 PM IST

Published : Jun 21, 2022, 7:12 PM IST

International Yoga Day 2022
ৰাজ্যজুৰি যোগ দিৱস উদযাপন

গুৱাহাটী, 21 জুন :চৰকাৰ তথা বেচৰকাৰী সংগঠনৰ উদ্যোগত ৰাজ্যজুৰি মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপন কৰা হয় (International yoga day celebrated in Assam)। ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

যোগ দিৱসত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, যোগহ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া ৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে ৷ মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায় ৷

ৰাজ্যজুৰি যোগ দিৱস উদযাপন

লগতে তেওঁ কয় যে, নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি ৷ ইয়াৰ বাবে যুৱ-প্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব ৷ তেতিয়াহে উন্নয়ন প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব ৷

লগতে পঢ়ক :International Yoga Day 2022: শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে ৷ সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব ৷ ইপিনে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা আয়ুস সঞ্চালকালয়, পৰিয়াল কল্যাণ সঞ্চালকালয়, স্বাস্থ্য সমিতিৰ উদ্যোগত নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় (International yoga day celebrated in Guwahati) ।

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই শুভাৰম্ভ কৰা এই অনুষ্ঠানত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ উপৰি প্ৰশাসনৰ বিষয়-ববীয়া আৰু বহু ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পতঞ্জলি যোগপীঠৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে মা কামাখ্যা দেৱালয় প্ৰাংগনতো এটা যোগ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

লগতে পঢ়ক :International Yoga Day : বিশ্ব যোগ দিৱসত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ

ভক্ত আৰু স্থানীয় বাসিন্দাসকলেও সু-স্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে এই যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰে । আনহাতে, কটন বিশ্ববিদ্যালয়তো অষ্টম সংখ্যক যোগ দিৱস পালন কৰা হয় (International yoga day celebrated at Cotton University) । বিশ্ববিদ্যালয়ৰ ড৹ টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱস কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়াক অধ্যাপক মহাদেৱ পাটগীৰিয়ে । এই কাৰ্যসূচীত এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দ্ধাৰণ কৰি দিয়া দুটা দিনত যোগৰ কৰ্মশালাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ইপিনে সীমা সুৰু‌ক্ষা বল, গুৱাহাটী ফন্টটিয়াৰে গুৱাহাটীৰ পাণ্ডু ঘাটত যোগ দিৱস পালন কৰে ।

লগতে পঢ়ক :যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে : প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details