অসম

assam

ETV Bharat / state

সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াই অহা এগৰাকী বিশেষ মহিলা

সমাজৰ প্ৰতি থকা নাৰীৰ দায়বদ্ধতাই দেশৰ উন্নয়ৰ ক্ষেত্ৰত আগবঢ়াই আহিছে বিশেষ ভূমিকা ৷ তেনে এগৰাকী মহিলা হৈছে জোনমণি দেৱী খাউণ্ড ৷ একেধাৰে এগৰাকী অধিবক্তা, সমাজসেৱী, ছবি পৰিচালক তথা প্ৰযোজক এই গৰাকী মহিলাই সমাজৰ হকে কাম কৰি লাভ কৰিছে বিশেষ পৰিচয় ৷

By

Published : Mar 8, 2020, 9:59 PM IST

jonmoni devi khaund
সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াই অহা এগৰাকী বিশেষ মহিলা

গুৱাহাটী , 8 মাৰ্চঃপুৰুষপ্ৰধান সমাজত নাৰীৰ ভূমিকা অন্যতম ৷ সমাজখনৰ প্ৰতি বৰ্তমানৰ নাৰীয়ে আগবঢ়াই আহিছে বিশেষ দায়বদ্ধতা ৷ তেনে এগৰাকী মহিলা হৈছে সকলোৰে সু-পৰিচিত জোনমণি দেৱী খাউণ্ড ৷

সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াই অহা এগৰাকী বিশেষ মহিলা

জোনমণি দেৱী খাউণ্ড একেধাৰে এগৰাকী অধিবক্তা, সমাজসেৱী, ছবি পৰিচালক তথা প্ৰযোজক । যোৰহাটত জন্মগ্ৰহণ কৰা জোনমণি দেৱী খাউণ্ড আজি সমাজৰ এগৰাকী পৰিচিত মহিলা । যুজাৰু ডা ফাইটাৰ্ছ আৰু গামোচা নামৰ দুটাকৈ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে সমাজৰ হকে কাম কৰি আহিছে এই গৰাকী মহিলাই ৷ ইয়াৰোপৰি ওকালতি আৰু ছবি পৰিচালনা তথা প্ৰযোজনাৰ লগতো জড়িত জোনমণি দেৱী খাউণ্ড ৷ ছুমা পৰশতে, তুলা আৰু তেজা আদি ছবি নিৰ্মাণৰে ছবি জগতত খোজ পেলোৱা জোনমণি দেৱী খাউণ্ডে পিছলৈ নিৰ্মাণ কৰে বহু কেইখন ছবি । তাৰ ভিতৰত উইংছ অৱ মাইণ্ড(পাখি লগা মন)এ লাভ কৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ । এই চুটি ছবিখনে ৭টাকৈ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় । যোৰহাটৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰাপক লক্ষ্মী প্ৰভা বৰদলৈ নামৰ এগৰাকী অসমীয়া শিপিনীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল চুটি ছবিখন । ইফালে ২০১৯ত আমেৰিকাত অনুষ্ঠিত মহিলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ভইছ অভাৰ বঁটা লাভ কৰে পাখি লগা মন নামৰ ছবিখনে । জয়পুৰৰ ১৬তম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত তৃতীয় শ্ৰেষ্ঠত্বৰ খিতাপ, আমেৰিকাৰ শ্ৰেষ্ঠ চুটি ছবি প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰ, হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াই অহা এগৰাকী বিশেষ মহিলা

নিজ কষ্ট আৰু সাধনাৰ বলত এনেদৰেই ছবিজগতটো নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে জোনমণি দেৱী খাউণ্ডে । ইপিনে জোনমণি দেৱী খাউণ্ড পেছা হিচাপে ওকালতি কৰে যদিও সমাজসেৱাকৰ ৰূপতো তেখেতৰ আছে সুকীয়া পৰিচয় ৷ লগতে ৰাজনৈতিক পথাৰতো খোজ পেলাইছে এইগৰাকী বিশেষ মহিলাই । বিগত লোকসভা নিৰ্বাচনত ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল তেখেতে । মূল্যবোধৰ ৰাজনীতিৰ লগতে সমাজৰ প্ৰতি কিবা এটা কৰাৰ হেপাহ থকা বাবেই কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই জোনমণি দেৱী খাউণ্ডে ।

সমাজৰ প্ৰতি দায়বদ্ধতা আগবঢ়াই অহা এগৰাকী বিশেষ মহিলা

আনহাতে, সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষেও যুজ আগবঢ়াই গৈছে খাউণ্ডে । জুজাৰু ডা ফাইটাৰ্ছ নামৰ তেখেতৰ সংগঠনটোৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত আইনী যুজ কৰি গৈছে জোনমণি দেৱী খাউণ্ডে । উল্লেখযোগ্য যে, ওকালতি, ছবিজগত তথা সামাজিক কাম কাজ কৰি অসমলৈ গৌৰৱৰ লগতে এক আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে ইতিমধ্যেই জোনমণি দেৱী খাউণ্ডক বিভিন্ন সংস্থাই তেখেতক কেইবাটাও সন্মানেৰে সন্মানিত কৰিছে । ২০১৮ চনত নতুন দিল্লীত প্ৰকৃতি সুৰক্ষা পৰিষদ এণ্ড মছফিকা মহিলা কল্যাণ ছচাইটিয়ে 'ওৱেন আইকন' বঁটা, ২০১৮ চনত নতুন দিল্লীত নিডছ্ ফাউণ্ডেশ্বনে 'ওৱেন অৱ ছাবটেঞ্চ' বঁটা, ২০১৯ বৰ্ষত কাৰেংঘৰ নামৰ এটা সংস্থাই 'সমাজ সূৰ্য' বঁটা আৰু ব্যতিক্ৰম নামৰ এটা বেচৰকাৰী সংস্থাই বৰ্ষশ্ৰেষ্ঠ মহিলা সন্মানেৰে সন্মানিত কৰে জোনমণি দেৱী খাউণ্ডক । পৰিয়াল পোহপালৰ লগতে সমাজৰ প্ৰতি কৰি যোৱা তেখেতৰ এইসমূহ কাম সচাঁই এক অনন্য । তেখেতৰ এই জয়যাত্ৰা অব্যাহত থাকক ৷ আন্তৰ্জানিক নাৰী দিৱস উপলক্ষে জোনমণি দেৱী খাউণ্ডলৈ ইটিভি ভাৰতৰ ফালৰ পৰাও থাকিল অলেখ শুভকামনা ।

আৰু পঢ়কঃ বাতৰিকাকত বিক্ৰীৰে স্বাৱলম্বী বিহপুৰীয়াৰ দুলুমণি লাহন

ABOUT THE AUTHOR

...view details