অসম

assam

ETV Bharat / state

যুৱ সাংবাদিকৰ উদ্যোগত গুৱাহাটীৰ বৃদ্ধাৱাসত 'আন্তৰ্জাতিক নাৰী দিৱস' পালন

দেওবাৰে গুৱাহাটীৰ সিজুবাৰীস্থিত মাডাৰ অল্ড এজ হ'মত পালন আন্তৰ্জাতিক নাৰী দিৱস ৷ আন্তৰ্জাতিক নাৰী দিৱস তথা যুৱ সাংবাদিক মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই অনুষ্ঠান ।

By

Published : Mar 8, 2020, 7:40 PM IST

Updated : Mar 8, 2020, 7:51 PM IST

গুৱাহাটী
যুৱ সাংবাদিকৰ উদ্যোগত গুৱাহাটীৰ বৃদ্ধাৱাসত 'আন্তৰ্জাতিক নাৰী দিৱস' পালন

গুৱাহাটী, 8 মাৰ্চঃমহানগৰীৰ সিজুবাৰীস্থিত মাডাৰ অল্ড এজ হ'মত পালন আন্তৰ্জাতিক নাৰী দিৱস । হাঁহি-ধেমালিৰে এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি হয় বৃদ্ধাৱাসত । আন্তৰ্জাতিক নাৰী দিৱস তথা যুৱ সাংবাদিক মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই ব্যতিক্ৰমী অনুষ্ঠানৰ ।

অনুষ্ঠানত আইতাসকলে হৰিনাম গোৱাৰ লগতে কিছু পূৰ্বৰ নাৰী দিৱসৰ স্মৃতি ৰোমন্থন কৰে । তাৰোপৰি পুৰুষ প্ৰধান সমাজত নাৰীৰ দুখ দুৰ্দশাৰ কথাও কয় আইতাসকলে । ইফালে এই অনুষ্ঠানতেই যুৱ সাংবাদিক মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ কেক কাটে বৃদ্ধাৱাসটোৰ আৱাসী শুভদ্ৰা দেৱী নামৰ ১০৫ বছৰীয়া আইতাই ।

যুৱ সাংবাদিকৰ উদ্যোগত গুৱাহাটীৰ বৃদ্ধাৱাসত 'আন্তৰ্জাতিক নাৰী দিৱস' পালন

উল্লেখযোগ্য যে, ২০১৬ চনৰ আজিৰ এই বিশেষ দিনটোতেই জন্ম লাভ কৰিছিল যুৱ সাংবাদিক মঞ্চ নামৰ এই সংগঠনটোৱে । সমাজ হকে কিবা এটা কৰাৰ লক্ষ্যৰে কেইগৰাকীমান উদীয়মান সাংবাদিকৰ প্ৰচেষ্টা গঠন হৈছিল যুৱ সাংবাদিক মঞ্চৰ । আনহাতে উক্ত অনুষ্ঠানত নাৰী দিৱস উপলক্ষে মহিলা সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বৃদ্ধাৱাসটোৰ কৰ্তৃপক্ষই। ইয়াৰোপৰি মছফিকা ৱেলফেয়াৰ ছ'চাইটিকে ধৰি কেইবাটাও সামাজিক সংগঠনে এই বিশেষ দিনটোত বৃদ্ধাৱাসৰ আইতাসকলক শুভেচ্ছা তথা সম্বৰ্ধনা জনাই ।

আৰু পঢ়কঃ সংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

Last Updated : Mar 8, 2020, 7:51 PM IST

ABOUT THE AUTHOR

...view details