অসম

assam

By

Published : Jan 16, 2020, 11:57 PM IST

ETV Bharat / state

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই

মণিৰাম দেৱান
মণিৰাম দেৱানত অন্তঃৰাষ্ট্ৰী বাণিজ্যিক সমাৰোহ

গুৱাহাটী,16 জানুৱাৰীঃমহানগৰীৰ মণিৰাম দেৱান বাণিজ্যিক ক্ষেত্ৰত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ । শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বাণিজ্যিক সমাৰোহ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই । সংবাদমেলত ছোমালিয়াৰ কৃষিমন্ত্ৰী আলি আব্দুললে ইছগৱে,নাইজেৰিয়াৰ সাংসদ লিমান এলহাদজি মহম্মদ আৰু আবুএ মাগৱাত উপস্থিত থাকে ৷

মণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

উল্লেখ্য যে,সমাৰোহত অসম তথা উত্তৰ-পূৰ্বাঞ্চৰ হস্ততাত বস্ত্ৰ শিল্পী আৰু বাঁহ বেতৰ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বজাৰ দিয়াৰ বাবে সুযোগ লাভ কৰিব । পৃথিৱীৰ প্ৰায় ৬০ খন দেশক আমন্ত্ৰণ জনাইছে এই বাণিজ্যিক সমাৰোহলৈ। অসমৰ যুৱক-যুৱতী সকলক বাণিজ্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আয়োজন কৰা হৈছে এই সমাৰোহৰ । MSMEৰ উদ্যোগত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন। বৰ্তমানলৈ 32খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰে উদ্যোতাসকলে ।

আৰু পঢ়কঃ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details