অসম

assam

ETV Bharat / state

International Tea day: চাহৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন পৰিকল্পনা চৰকাৰৰ - International Tea Day celebration in Assam

দেওবাৰে গুৱাহাটীত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ উদ্যোগত আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত অসমৰ সম্পদ চাহ উদ্যোগৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয় (International Tea day 2023) ৷

International Tea day
চাহৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন পৰিকল্পনা চৰকাৰৰ

By

Published : May 21, 2023, 5:02 PM IST

চাহৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন পৰিকল্পনা চৰকাৰৰ

গুৱাহাটী 22 মে’:চাহ, আপোনাৰ মোৰ বাবে অতি চিনকী এবিধ পানীয় ৷ পুৱা শুই উঠি চাহ একাপত চুমুক নিদিলে যেনেকৈ নিজকে দিনটোৰ বাবে সতেজ অনুভৱ কৰা নাযায়, ঠিক তেনেদৰে বিয়লি দিনটোৰ সমস্ত কাম-কাজ কৰি আহি ঘৰ সোমোৱাৰ পিচতো অৱসাদ আঁতৰাবলৈ আমি সহায় লওঁ একাপ চাহৰ ৷ চাহৰ ৰুচি প্ৰায় সকলো মানুহৰেই থাকে ৷ লিকাৰ টী, গ্ৰীণ টী, লেমন টী, গাখীৰ চাহ আদি বিভিন্ন প্ৰকাৰৰ চাহৰ সোৱাদ লোৱা দেখা যায় লোকসকলক (International Tea day) ৷

আপুনি চাগৈ ভাবিছে, আজি আমি চাহৰ কথা ইমানকৈ কিয় কৈছোঁ ! কাৰণ, আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস ৷ আমাৰ অসমত দেশৰ সৰহভাগ চাহ উৎপাদন হয় ৷ চাহ উৎপাদনকাৰী হিচাপে আমিয়েই যে কেৱল চাহৰ সেৱন কৰোঁ তেনে নহয় ৷ সমগ্ৰ বিশ্বৰ মানুহে চাহ ব্যৱহাৰ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ উদ্দেশ্য হৈছে এই পানীয়ৰ স্বাস্থ্য উপকাৰিতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰা । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰে ২১ মে’ত এই দিৱস পালন কৰা হয় (International Tea day 2023) ।

ৰাষ্ট্ৰসংঘৰ অফিচিয়েল ৱেবছাইট অনুসৰি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসে “চাহৰ বহনক্ষম উৎপাদন আৰু ব্যৱহাৰৰ সপক্ষে কাৰ্যকলাপ ৰূপায়ণৰ বাবে সামূহিক কাৰ্যক প্ৰসাৰ আৰু প্ৰচাৰ কৰিব ৷ লগতে ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াত ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিব ।”

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে খানাপাৰাৰ ষ্টাফ কলেজতো অসম চৰকাৰৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী বিমল বৰাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু হৰেন সিং বে' । অসমৰ সম্পদ চাহ উদ্যোগৰ বিভিন্ন দিশ সন্দৰ্ভত এই অনুষ্ঠানত আলোচনা কৰা হয় (International Tea Day celebration in Assam) ।

এই অনুষ্ঠানতে মুঠ 28 জনৰ ভিতৰত 5 জন ক্ষুদ্ৰ চাহ উদ্যোগীক 5 লাখ 53 হাজাৰ 986 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় । ৰাজ্যৰ 10-15 লাখ ব্যক্তি জড়িত হৈ আছে চাহ শিল্পৰ সৈতে । 1.8 লক্ষ ক্ষুদ্ৰ চাহ শ্ৰমিক এই বৃত্তিৰ সৈতে জড়িত হৈ আছে ।

এইবাৰ বহাগৰ বিহুক যিদৰে বিশ্ববাসীৰ সন্মুখত মাৰ্কেটিং আৰু ব্ৰেণ্ডিং কৰা হৈছে, তেনেদৰে অসমৰ চাহপাতকো এনেধৰণে মাৰ্কেটিং কৰিবলৈ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হয় । মহিলা শ্ৰমিকে যিদৰে কাম কৰে তাৰ সমান্তৰালকৈ পুৰুষ সকলকো কৰ্মত মনোনিবেশ কৰিবলৈ অনুৰোধ মন্ত্ৰী বিমল বড়াৰ । অসমৰ চাহৰ যিমান সৌন্দৰ্য আছে তাক কেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি তাত গুৰুত্ব আৰোপ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক:Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

তেওঁ কয় যে, বিশ্ব দৰবাৰত বিহুৱে ইতিমধ্যে চৰ্চা লাভ কৰিছে । আমেৰিকা, লণ্ডনৰ লগতে আনকি চীন দেশতো হৈছে বিহুৰ চৰ্চা ৷ সেয়েহে আগন্তুক বিহুত পৰ্যটকৰ বাবে বাগানক আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে । ইয়াৰ ফলত পৰ্যটক আহি অসমৰ চাহ বাগিচাৰ বিনন্দীয়া পৰিবেশ উপভোগ কৰিব পাৰিব ।

ABOUT THE AUTHOR

...view details