গুৱাহাটী, ৩ ছেপ্টেম্বৰ: ভূটানকে ধৰি চুবুৰীয়া কেইবাখনো দেশলৈ বিমানৰে অসমৰ পৰা যাবলগীয়া পৰ্যটক, ভ্ৰমণকাৰীৰ বাবে সুখবৰ । কিয়নো প্ৰায় আঢ়ৈ বছৰৰ বিৰতিৰ পাছত শনিবাৰৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান(Gopinath Bordoloi International Airport) বন্দৰৰ পৰা পুনৰ আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা (Flights from Guwahati to Bhutan) ।
শনিবাৰে পুৱা ভূটানৰ ৰাজকীয় চৰকাৰৰ বিমান সংস্থা দ্ৰুক এয়াৰ লাইনৰ(Druk Airlines) এয়াৰ বাছ-৩২০ শ্ৰেণীৰ বিমানখন ভূটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ(Paro International Airport) পৰা ২২ জন যাত্ৰীসহ পুৱা ৮.২০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অবতৰণ কৰে । বিমানখন আহি পোৱাৰ পাছত ছিংগাপুৰ অভিমুখে যাত্ৰা কৰাৰ বাবে বৰঝাৰত উপস্থিত হয় অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ জনকৈ যাত্ৰী ।
যাত্ৰাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত যাত্ৰীসকলক আদৰণি জনাই অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সুভাষ দাস, অসম দক্ষতা বিকাশ মিছনৰ মিছন সঞ্চালক অংকুৰ জৈন, জি আই এ এলৰ মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্ত, কৰ্পৰেট মুৰব্বী ভৈৰব বৰুৱাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে গুৱাহাটীৰ ১৫ জন আৰু ভূটানৰ ২২ জনকে ধৰি মুঠ ৩৭ জন যাত্ৰী লৈ পুৱা ৯.১০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ছিংগাপুৰলৈ যাত্ৰা কৰে দ্ৰুক এয়াৰ লাইনৰ বিমানখন(Flight service between Guwahati and Bhutan) ।
ইতিমধ্যে বিয়লি ৪ বজাত বিমানখন গৈ ছিংগাপুৰত অৱতৰণ কৰিছে । অসম চৰকাৰৰ এক সূত্ৰই সদৰী কৰা অনুসৰি আজিৰে পৰা গুৱাহাটীৰ পৰা সপ্তাহৰ প্ৰতি শনিবাৰে পুৱা ৯.১০ বজাত ছিংগাপুৰলৈ বিমানখনে উৰা মাৰিব । তেনেদৰে ভূটানৰ পাৰো বিমানবন্দৰৰ পৰা শনিবাৰ আৰু দেওবাৰে গুৱাহাটীৰ পৰা বিমান চলাচল কৰিব । উল্লেখযোগ্য যে ক’ভিড-১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২০২০ৰ মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ পৰা বিদেশলৈ বিমান সেৱা বন্ধ হৈ আছিল ।